ৰাষ্ট্ৰীয়

আগ্ৰাৰ মেট্ৰ ষ্টেচনৰ নতুন নাম 'মানকামেশ্বৰ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাম সলনি হ'ল উত্তৰ প্ৰদেশৰ আগ্ৰাস্থিত জামা মছজিদ মেট্ৰ' ষ্টেচনৰ। এই মেট্ৰ ষ্টেচনৰ নতুন নাম মনকামেশ্বৰ ষ্টেচন। প্ৰদেশ চৰকাৰৰ দ্বাৰা কিছুদিন পূৰ্বে মেট্ৰ' ষ্টেচনৰ নাম সলনি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। ইয়াৰ পিছত ইউ.পি.এম.আৰ.চি. তৰফৰ পৰা জামা মছজিদ ষ্টেচনত নতুন নামৰ এখন হৰ্ডিং স্থাপন কৰা হয়।

মানকামেশ্বৰ মেট্ৰ ষ্টেচন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় আগ্ৰালৈ অহাৰ সম্ভাৱণা আছে।

২০২৩ চনৰ জুলাই মাহত আগ্ৰা মেট্ৰ' হাই স্পীড উদ্বোধন কৰাৰ সময় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভাষণত জামা মছজিদৰ পৰিৱৰ্তে মনকামেশ্বৰ নাথ মন্দিৰৰ কথা উল্লেখ কৰিছিল। তাৰপাছতে ধাৰণা কৰা হৈছিল যে জামা মছজিদ মেট্ৰ' ষ্টেচনৰ নাম মনকামেশ্বৰ মেট্ৰ' ষ্টেচন হ'ব পাৰে।

এতিয়াৰে পৰা ষ্টেচনটোক মানকামেশ্বৰ ষ্টেচন বুলি জনা যাব। উল্লেখ্য যে, ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগ্ৰা মেট্ৰ প্ৰকল্পৰ ঘোষণা কৰিছিল।