আপেল ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্তঃ ৪ জনকৈ লোকৰ মৃত্যু... 
ৰাষ্ট্ৰীয়

আপেল ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্তঃ ৪ জনকৈ লোকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱতি নিশা জন্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক এটা খদত বাগৰি পৰাৰ ফলত মৃত্যু হৈছে ৪ জনকৈ লোকৰ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱতি নিশা ২ বজাত জম্মুৰ উপকণ্ঠ বাজ্জৰ কোটলীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিহতসকলৰ মাজত আছে ট্ৰাকখনৰ চালকৰ লগতে সহায়ক।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি এই ট্ৰাকখনত আপেল কঢ়িয়াই অনা হৈছিল। ট্ৰাকখন শ্ৰীনগৰৰ পৰা ৰাজস্থানলৈ যাত্ৰা কৰিছিল।