Jammu and Kashmir: দেওবাৰৰ পৰা অব্যাহত সুৰক্ষাকৰ্মী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ... 
ৰাষ্ট্ৰীয়

Jammu and Kashmir: দেওবাৰৰ পৰা অব্যাহত সুৰক্ষাকৰ্মী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ (Jammu and Kashmir) ৰ ৰাজৌৰী জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত দুজনকৈ সেনা বিষয়া আৰু দুজনকৈ জোৱান ছহিদ হৈছে। উল্লেখ্য যে, বিগত দেওবাৰৰ পৰা জিলাখনৰ ধৰ্মশালৰ বাজিমাল অঞ্চলত সেনা, আৰক্ষীৰে সন্ত্ৰাসবাদীৰ এই সংঘৰ্ষ অব্যাহত আছে।

অঞ্চলটোত উগ্ৰপন্থীৰ এটা দলে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছতে চলিছিল এই অভিযান।সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি নিহত দুই সেনা বিষয়া কেপ্টেইন পৰ্যায়ৰ বিষয়া। ইয়াৰোপৰি আহত হৈছে আন দুজন। এই দুজনৰ এজন মেজৰ আৰু আনজন জোৱান।

এগৰাকী সেনা বিষয়াই জনোৱা অনুসৰি সুৰক্ষাকৰ্মীসকলে দুই উগ্ৰপন্থীক ঘেৰি ধৰিছে। তাৰ পাছৰ পৰাই দুয়ো পক্ষৰ মাজত গুলীয়াগুলী অব্যাহত আছে। তেওঁ কয়, আহতসকলক উধমপুৰত থকা সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে উল্লেখ কৰা মতে ৰাজৌৰী জিলাৰ বাজিমালত জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া তালাচী অভিযানৰ মাজতে সন্ত্ৰাসবাদীৰে সংঘৰ্ষ আৰম্ভ হৈছিল। সেনাৰ হোৱাইট নাইট কৰ্পছে এক্স হেণ্ডেলত লিখিছে, চোৰাংচোৱাৰ তথ্যৰ আধাৰত ৰাজৌৰী গুলাবগড় বনাঞ্চলৰ কালাকোট অঞ্চলত এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল।

স্থানীয় গাওঁবাসীয়ে জনোৱা অনুসৰি দেওবাৰে উগ্ৰপন্থী বিচাৰি অঞ্চলটোক ঘেৰি ধৰি অভিযান চলাই থকা হৈছে। তথ্য অনুসৰি অৰণ্যত লুকাই থকা সন্ত্ৰাসবাদীসকলৰ ওচৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গেলাবাৰুদ আছে।

এই এনকাউণ্টাৰত উগ্ৰপন্থীও আহত হৈছে বুলি সেনাৰ ফালৰ পৰা জনোৱা হৈছে। ড্ৰোণৰ সহায়ত উগ্ৰপন্থীসকলৰ গতি-বিধি লক্ষ্য কৰি থকা হৈছে। ইফালে এই অভিযান অব্যাহত থকাৰ বাবে গাওঁবাসীক ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধা দিছে সেনাই। বিদ্যালয়লৈ যোৱা নাই শিশুসকল।

জানিব পৰা এই দুই সন্ত্ৰসবাদী বিদেশী। যোৱা দেওবাৰৰ পৰা এই অঞ্চলটোত সন্দেহজনকভাৱে চলাচল কৰি আছিল। ধৰ্মীয় উপাসনাস্থলীক আশ্ৰয়ৰ স্থল হিচাপে বাচি লৈছিল।