কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সুৰক্ষা বাহিনীৰ সংঘৰ্ষ... 
ৰাষ্ট্ৰীয়

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সুৰক্ষা বাহিনীৰ সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ জন্মু-কাশ্মীৰত অব্যাহত আছে ভাৰতীয় সুৰক্ষাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। আৰক্ষীৰ ভাষ্য অনুসৰি বাৰমূলাত সন্ত্ৰাসবাদীৰ সৈতে ভাৰতীয় সুৰক্ষা বাহিনীৰ সংঘৰ্ষ অব্যাহ আছে।

কাশ্মীৰ জ’ন আৰক্ষীয়ে সামাজিক মাধ্যম এক্সত এই সনদৰ্ভত অৱগত কৰিছে।  এক্স হেণ্ডেলত আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে, সোপোৰৰ হাণ্ডিপোৰাত এনকাউণ্টাৰ আৰম্ভ হৈছে। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে।"

ইয়াৰোপৰি আৰক্ষীৰ ফালৰ পৰা এক্সত লিখিছে "মহিলা, শিশু, নিৰস্ত্ৰ আৰক্ষী আৰু বাহিৰৰ লোককে ধৰি নিৰীহ নাগৰিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে উপত্যকাত শান্তি স্থাপনৰ আমাৰ প্ৰচেষ্টাক বাধা দিব নোৱাৰে। বিদেশী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ অভিযান কাশ্মীৰৰ তিনিওটা অঞ্চলতে একেলগে অব্যাহত থাকিব।"

উল্লেখ্য যে, যোৱা দিন কেইটাত কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে। বহু কেইটা অঞ্চলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ লগতে সেনা, আৰক্ষী তথা সুৰক্ষা বাহিনীৰে এনকাউণ্টাৰত লিপ্ত হৈছে। মাত্ৰ কেইদিনমান পূৰ্বে জম্মুৰ কাঠুৱাত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল।

ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত  পৰে আৰু ৯ জন তীৰ্থযাত্ৰী নিহত  হয়। এই ঘটনাত আহত হৈছিল প্ৰায় ৪০ জন লোক। ইয়াৰ পিছতে আকৌ সুৰক্ষা বাহিনী আৰু নিৰীহ গঞাকো আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে।

আজি হোৱা এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে। এই পৰ্যন্ত এই এনকাউণ্টাৰত দুজন নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে বুলি জানিব পৰা গৈছে।