উদ্বোধন হ'ল ঝাৰখণ্ডৰ আটাইতকৈ দীঘল দলংখন... 
ৰাষ্ট্ৰীয়

উদ্বোধন হ'ল ঝাৰখণ্ডৰ আটাইতকৈ দীঘল দলংখন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত মঙ্গলবাৰে শুভ উদ্বোধন কৰা হয় ৰাজ্যখনৰ আটাইতকৈ দীঘল দলংখন। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে শুভ উদ্বোধন কৰা এই দলংখন নিৰ্মাণ কৰা হৈছে ময়ুৰাক্ষী নদীৰ ওপৰত দুমকাত।

২.৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ১৯৮.১১ কোটি টকা ব্যয় কৰা হৈছে। দলংখনে মকৰমপুৰ আৰু জিলা হেডকোৱাৰ্টাৰৰ মাজৰ দুৰত্বক ১৫ কিলোমিটাৰ হ্ৰাস কৰিছে। দলংখনৰ অবিহনে এই অঞ্চলটোৰ লোকসকলে ৩০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমী জিলে হেডকোৱাৰ্টাৰলৈ যাবলগীয়া হৈছিল।

ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দলংখনৰ সন্দৰ্ভত পি টি আইৰ আগত কয়, দলংখনৰ নিৰ্মাণে এই অঞ্চলটোৰ লোকসকলৰ মাজত নিয়োগ বৃদ্ধিৰ লগতে পৰ্যটন ক্ষেত্ৰকো আগুৱাই নিব।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কয়, ঝাৰখণ্ডৰ পৰিচয় আৰু পৰম্পৰা হৈছে ইয়াৰ লোকসকলে নিজৰ বীৰসকলক পাহৰি নাযায়। সেয়ে এই দলংখনৰ নাম শিবু চোৰেনৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।  উল্লেখ্য, মুখ্যমন্ত্ৰী চোৰেনে এই অনুষ্ঠানতে দুমকা জিলাৰ বাবে প্ৰায় ৩৩৬ কোটি টকাৰ ২২ টা পথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।