ৰাষ্ট্ৰীয়

ভয়ংকৰ! প্ৰাণ বচাবলৈ দিছিল জাঁপ, ট্ৰেইনৰ খুন্দাত মৃত্য়ু কমেও ১২ জনৰ, আহত ৪০ৰ অধিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া ঝাৰখণ্ডৰ জামতাৰাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৰেলৰ খুন্দাত প্ৰায় ১২ লোক নিহত হোৱাৰ লগতে প্ৰায় ৪০ জন আহত হয়। বৰ্তমানলৈকে ২ জনৰ মৃতদেহ উদ্ধাৰ হৈছে। ৰেল আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ঘটনাটো কালাঝাৰিয়াত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

একাংশৰ মতে যে আং এক্সপ্ৰেছ ৰেলখনত অগ্নিকাণ্ডৰ বিষয়ে তথ্য পোৱাৰ পিছত যাত্ৰীসকলে আতংকিত হৈ জঁপিয়াবলৈ আৰম্ভ কৰিছিল। তেতিয়াই বিপৰীত দিশৰ পৰা অহা ঝাঝা-আছানচোল যাত্ৰীবাহী ৰেলখন ট্ৰেকত পৰা যাত্ৰীসকলৰ ওপৰেৰে পাৰ হৈ যায়।

আন একাংশৰ মতে বাংগালোৰ-যশৱন্তপুৰ এক্সপ্ৰেছ ডাউন লাইনত পাৰ হৈ আছিল।তেতিয়াই ৰেল লাইনৰ কাষত ধূলি উৰি আছিল। সেই ধূলি যাত্ৰীসকলে জুইৰ ধোৱা বুলি ভাবিছিল। যাৰ পাছত তেওঁলোকে জপিয়াইছিল।

আন একাংশৰ মতে যাত্ৰীসকলে ৰেল লাইনৰ ওচৰত থিয় দি আছিল তেতিয়াই এই ঘটনা সংঘটিত হয়।

এতিয়ালৈকে এয়া স্পষ্ট হোৱা নাই যে যাত্ৰীসকলে চলন্ত ৰেলৰ পৰা জঁপিয়াইছিল নে ৰেলপথত থিয় হৈ থকা অৱস্থাত আন এখন ৰেলে খুন্দিয়াইছিল। জিলা প্ৰশাসন আৰু ৰেল প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ এতিয়ালৈকে জাননী জাৰি কৰা নাই। ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে।