ৰাষ্ট্ৰীয়

NTSC ত নতুন দক্ষতা বিকাশ প্ৰশিক্ষণৰ শুভাৰম্ভঃ ড্ৰোন ডেষ্টিনেচনৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) মন্ত্ৰী জীতন ৰাম মাঁঝি আৰু ৰাজ্য মন্ত্ৰী সুশ্ৰী শোভা কাৰান্দলাজে নতুন দিল্লীৰ NSIC Technical Service Centre (NTSC) ত নতুন দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে এম এছ এম ইৰ সচিব এছ চি এল দাস, এছ এম ইৰ যুটীয়া সচিব মাৰ্চি ইপাও, এন এছ আই চিৰ অধ্যক্ষ ড০ এছ এছ আচাৰ্য।

অনুষ্ঠানত ড০ এছ এছ আচাৰ্যই আদৰণি ভাষণতMSME খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশে কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে। তেওঁ যুৱ আৰু উদীয়মান উদ্যোগীসকলক শক্তিশালী কৰি তোলাৰ বাবে বিশ্বমানৰ প্ৰশিক্ষণ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এনএছআইচি প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে।

এই অুষ্ঠানতে NSIC আৰু মেচাৰ্ছ ড্ৰোন ডেষ্টিনেচনৰ মাজত এক বুজাবুজিৰো চুক্তি স্বাক্ষৰ কৰা হয়। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে উন্নত ড্ৰোন প্ৰযুক্তি প্ৰশিক্ষণক দক্ষতা বিকাশ কাৰ্যসূচীৰ সৈতে একত্ৰিত কৰা।

ইয়াৰ জৰিয়তে দ্ৰুতগতিত বিকাশ হোৱা প্ৰযুক্তিগত দিশত MSMEসমূহক এক প্ৰতিযোগিতামূলক ক্ষেত্ৰ প্ৰদান কৰা হ'ব। আনহাতে NSICৰ ঋণ সুবিধা আঁচনিৰ অধীনত তিনিটা বেংকৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।

এই অনুষ্ঠানৰ জৰিয়তেই নতুন দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে উদ্যোগীসকলক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতাৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান লাভ কৰিব পাৰিব বুলি কোৱা হৈছে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জীতন ৰাম মাঁঝিয়ে তেওঁৰ ভাষণত কয়, "MSME খণ্ড হৈছে ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড। আজিৰ অনুষ্ঠান এক দক্ষ আৰু ক্ষমতাশালী ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ এই যাত্ৰা এক নতুন অধ্যায় হিচাপে চিহ্নিত হৈছে। MSME খণ্ডৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ আমি গ্ৰাম্য উদ্যোগীসকলকো শক্তিশালী কৰাত অগ্ৰাধিকাৰ দিব লাগিব।

ৰাজ্যমন্ত্ৰী সুশ্ৰী শোভা কাৰান্দলাজে অনুষ্ঠানত উপস্থিত থকা লোকসকলক সম্বোধন কৰি কয়, "আমাৰ লক্ষ্য হৈছে এক শক্তিশালী পৰিবেশ সৃষ্টি কৰা যি পৰিবেশে প্ৰতিভাক স্বীকৃতি দিয়াৰ লগতে উদ্ভাৱকসকলক উৎসাহিত কৰে। এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীবোৰ হৈছে আমাৰ এই দৃষ্টিভংগীক কাৰ্যত পৰিণত কৰাৰ দিশত এক পদক্ষেপ"।

MSMEৰ সচিবগৰাকীয়ে ভাষণত কয়, প্ৰযুক্তি খণ্ডত MSME হৈছে এক গুৰুত্বপূৰ্ণ উদ্যোগ, যি ভাৰতক বিশ্বৰ ড্ৰোন-হাব হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব।

উল্লেখ্য যে, অনুষ্ঠানস্থলীত এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। য'ত NSICৰ পৰা উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী, যিসকল এতিয়া উদ্যোগী হৈ পৰিছে তেওঁলোকৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ বিপনীত উপস্থিত হৈ বাৰ্তালাপ কৰে। লগতে তেওঁলোকৰ এই সফলতাৰ বাবে অভিনন্দন জনায় অনুপ্ৰাণিত কৰে।