মুখ মেলিলেই বিতৰ্কঃ নিজ দলেই ৰাজহুৱা ভৰ্ৎসনা কৰিলে সাংসদ কংগনাক... 
ৰাষ্ট্ৰীয়

মুখ মেলিলেই বিতৰ্কঃ নিজ দলেই ৰাজহুৱা ভৰ্ৎসনা কৰিলে সাংসদ কংগনাক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ মাণ্ডি সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈ অহা কংগনা ৰাণাৱট এইবাৰ নিজ দলৰ দ্বাৰই ৰাজহুৱাকৈ ভৰ্ৎসনাৰ সন্মুখীন হ'ল।কংগনাৰ বক্তব্য দলৰ বক্তব্য নহয় আৰু তেওঁৰ দলীয় মন্তব্য দিব পৰাকৈ কৰ্তৃত্বশীল নহয় বুলিও স্পষ্টিকৰণ জাৰি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

উল্লেখ্য যে, সমগ্ৰ দেশজুৰি চলা কৃষক আন্দোলনক ভিন্ন সময়ত সমালোচনা কৰি আছে কংগনা ৰাণাৱটে।সকলো সীমা অতিক্ৰম কৰি কংগনাই শেহতীয়াকৈ এই আন্দোলন সম্পৰ্কত কংগনাই কৰা বিতৰ্কিত মন্তব্যই স্বয়ং বিজেপি নেতৃত্বকে বিবুধিত পেলাইছে। এনে পৰিস্থিতিত ৰাজহুৱাকৈ ভৰ্ৎসনাৰ সন্মুখীন হ'বলগীয়া হ'ল বিতৰ্কিত অভিনেত্ৰী তথা সাংসদগৰাকী।

শেহতীয়াকৈ কংগনাই দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে কৃষক বিদ্ৰোহে ভাৰতত বাংলাদেশৰ দৰে পৰিস্থিতিৰ সূচনা কৰিব। কংগনাৰ এই বক্তব্যই এতিয়া দলটোৰ চৰম অস্বস্তিত পেলাইছে। যাৰ বাবে কংগনাৰ বক্তব্য দলৰ বক্তব্য নহয় বুলি স্পষ্টিকৰণ জাৰি কৰিছে বিজেপিয়ে।

এই সন্দৰ্ভত বিজেপিয়ে এক সংবাদ বিজ্ঞপ্তি জাৰি কৰি কয় যে, কংগনা ৰাণাৱটক দলীয় বক্তব্য ৰাখিবলৈ কৰ্তৃত্ব দিয়া হোৱা নাই। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাণাৱটক আগন্তক সময়ত এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশে দিছে।