প্ৰতিনিধিত্বমূলক ফটো 
ৰাষ্ট্ৰীয়

কৰ্ণাটকত পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে ৬গৰাকী নিহত

Asomiya Pratidin

ডিজিটেল ডেস্ক : কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬গৰাকী লোক নিহত হয়।

৭৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাছান নগৰত এখন ট্ৰাকত সৰু গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ফলত এটি শিশুসহ এটা পৰিয়ালৰে ৬গৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

অৱশ্যে সৰু বাহনখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। চালকজনৰ বাহিৰে নিহত কেউগৰাকীৰে ঘৰ ছিক্কাবল্লপুৰত বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঘৰলৈ আহি থকা সময়তে গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল।