ৰাষ্ট্ৰীয়

প্ৰথমে বন্ধুত্ব কৰি ভাৰত আহিবলৈ আহ্বান, পাছত দুুই নেপালী যুৱকক অপহৰণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ সীতামৰীত নেপালৰ দুই যুৱকক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা ইতিমধ্যে আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে অপহৰণ কৰা যুৱককেইজন নেপাললৈ গৈছিল। তাতে তেওঁলোকৰ দুই নেপালী যুৱকৰ সৈতে বন্ধুত্ব হৈছিল। তাৰপাছতে দুয়োকে ভাৰতলৈ আহিবলৈ আহ্বান জনাইছিল। কিন্তু নেপালী যুৱক দুজন ভাৰত অহাৰ পাছতে তেওঁলোকক অপহৰণ কৰে।

আৰক্ষীয়ে জনাই যে এজন যুৱকে অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় আৰু অন্য যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰে। নেপালী যুৱক দুজনৰ নাম কৃষ্ণা থাপা আৰু দীপেন্দ্ৰ মহন্ত।

গ্ৰেপ্তাৰ হোৱা লোককেইজন- আকবৰ আলী, কেশৰ আলী, মহম্মদ নইম, মহম্মদ ছাদাব, মহম্মদ ইছৰদ আৰু কেশল কুমাৰ। এই যুৱক কেইজনে অপহৰণ কৰাৰ পাছত ৬ লাখ টকা দাবী কৰিছিল।