ৰে'ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল ৰাজনীতিঃ কিয় উঠাই দিয়া হ'ল ৰে'ল বাজেট?  
ৰাষ্ট্ৰীয়

ৰে'ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল ৰাজনীতিঃ কিয় উঠাই দিয়া হ'ল ৰে'ল বাজেট?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৩ চনৰ শেষৰফালে সংঘটিত হোৱা কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাৰ ভয়াৱহ দৃশ্যসমূহ মানুহৰ মানসপটৰ পৰা আঁতৰ হোৱাই নাই। এই ৰে’ল দুৰ্ঘটনাৰ পাছতো দেশত ৰে’ল দুৰ্ঘটনা হৈয়ে আছে।

চলিত মাহতেই সংঘটিত হ’ল তিনিটাকৈ ৰে'ল দুৰ্ঘটনা। প্ৰথমে কাঞ্চনজংঞা এক্সপ্ৰেছ তাৰ পাছত ডিব্ৰুগড় এক্সপ্ৰেছ আৰু মঙ্গলবাৰে হাওৰাৰ পৰা মুম্বাইমুখী এক্সপ্ৰেছ। দেশত সঘনে সংঘটিত হোৱা এই ৰে'ল দুৰ্ঘটনাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে।

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক অকৰ্মণ্য আখ্যাৰে তীব্ৰ সমালোচনা কৰিছে। একেদৰেই বিৰোধী আন আন নেতাসকলেও কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

প্ৰশ্ন উত্থাপিত হৈছে ৰে'ল বিভাগৰ 'কবচ' সুৰক্ষা প্ৰণালীৰ ওপৰতো। একেদৰেই পৃথক ৰে'ল বাজেটক লৈয়ো সমালোচিত হৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ।  

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱে আকৌ এই দুৰ্ঘটনা কেনেকৈ হয় আৰু সাধাৰণ মানুহ কিয় মৃত্যু মুখত পৰে বুলিও প্ৰশ্ন কৰিছে। তেওঁ ৰে'ল যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈয়ো দাবী উত্থাপন কৰিছে।  

উল্লেখ্য যে, পূৰ্বে ৰে'ল বাজেট পৃথকে দাখিল কৰা হৈছিল। কিন্তু এতিয়া তেনে কৰা নহয়। এইবাৰ বাজেট দাখিলৰ সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মুখত ৰে'ল শব্দটো শুনিবলৈ পোৱা গৈছিল মাত্ৰ এবাৰ।

ডেৰ ঘণ্টা ধৰি পাঠ কৰা তেওঁৰ বাজেটত ৰে'লৰ বাবে বৰ বিশেষ একোৱেই নাছিল। এই কথা উল্লেখেৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাংসদ মহুৱা মাঝিয়ে কয়, বিত্তমন্ত্ৰীয়ে ৰে'লৰ বাবে কোনো কথাই বাজেটত উল্লেখ নকৰিলে। আগতে ৰে'লৰ বাবে পৃথকে বাজেট দাখিল কৰা হৈছিল। আৰু এতিয়া ৰে'লৰ বাবে কেন্দ্ৰই একোৱেই কৰা নাই।

ইফালে ৰে'ল বাজেট কিয় তুলি দিয়া হ'ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে তৃণমূলৰ সাংসদ কীৰ্তি আজাদেও। আজাদে ১৯৬৫ ত ৰে'ল দুৰ্ঘটনাৰ সময়ত সেই সময়ৰ ৰে'ল মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে পদত্যাগ কৰাৰ কথাও সোঁৱৰাই দিছে।

একেদৰে আৰ জে ডিৰ সাংসদ মনোজ ঝাঁই ৰে'লৰ 'কবচ' ব্যৱস্থাক লৈ প্ৰশ্ন কৰিছে। তেওঁ কয়, এতিয়া ৰে'ল দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ যদি এটা দিনো পাৰ হয় সাধাৰণ মানুহে ঈশ্বৰক ধন্যবাদ জনায়। যোৱা বছৰৰ বাজেটত 'কবচ' ব্যৱস্থাক লৈ ডাঙৰ ডাঙৰ দাবী কৰা হৈছিল। কিন্তু এইবাৰৰ বাজেটত এবাৰৰ বাবেও সেই কথা উল্লেখ নকৰিলে।

একেদৰেই কংগ্ৰেছ সাংসদ মানকিৰাম ঠাকুৰে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰে'ল দুৰ্ঘটনা মন্ত্ৰীহে হিচাপে স্মৰণীয় হৈ থাকিব বুলিহে কটাক্ষ কৰিছে। উল্লেখ্য মঙ্গলবাৰে ঝাৰখণ্ডত সংঘটিত হোৱা হাওৰাৰ পৰা মুম্বাই অভিমুখী ৰে'ল দুৰ্ঘটনাত দুজনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ গৰাকী যাত্ৰী আহত হৈছে। ৰে'লখনৰ ১৮ টাকৈ ডবা লাইনচ্যুত হৈছে। ইয়াৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ।