ৰাষ্ট্ৰীয়

সুৰা কেলেংকাৰীৰ গোচৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ জাননী

Asomiya Pratidin

ডিজিটেল ডেস্ক : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক গ্ৰেপ্তাৰ কৰাৰ পিচত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকাই দেখা দিছে। সুৰা কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰী কেজৰিৱাললৈ ই ডিয়ে পঞ্চমবাৰৰ বাবে জাননী প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে ইতিপূৰ্বে ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ৪বাৰ চমন জাৰি কৰিছিল। কিন্তু সেই চমন বেআইনী, অবৈধ বুলি দাবী কৰি কেজৰিৱালে ই ডিৰ নিৰ্দেশক অগ্ৰাহ্য কৰে। উল্লেখ্য যে যোৱা ২ নৱেম্বৰ, ২১ ডিচেম্বৰ, ৩ জানুৱাৰী আৰু ১৭ জানুৱাৰীত কেজৰিৱাললৈ চমন দিছিল।

কিন্তু ৩১ জানুৱাৰী বুধবাৰে পঞ্চমবাৰৰ বাবে ই ডিয়ে মুখ্যমন্ত্ৰীগৰাকীলৈ পুনৰ চমন জাৰি কৰে। অহা ২ ফেব্ৰুৱাৰীত কেজৰিৱালক দিল্লীৰ ই ডি কাৰ্যালয়ত হাজিৰ হ'বলৈ সংস্থাটোৱে নিৰ্দেশ দিছে।