ৰাষ্ট্ৰীয়

সুৰা কেলেংকাৰীৰ ঘটনাটোৱেই ভুৱা, নাই কোনো প্ৰমাণ : অৰবিন্দ কেজৰিৱাল

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰক মন্তব্য- কোনো প্ৰমাণ নাই সুৰা কেলেংকাৰীৰ। লগতে তেঁও কয় যে অনিয়ম উদ্ঘাটনত ব্যৰ্থ হৈছে ই ডি তথা চি বি আই।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে। উক্ত সংবাদমেলত কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভতো কেতবোৰ কুটু সমালোচনা কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ ঘটনাক কেন্দ্ৰ কৰি চলোৱা অভিযান সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেজৰিৱালে কয় যে সুৰা কেলেংকাৰীৰ ঘটনাত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তথা ইডিয়ে ৫০০ তকৈও অধিক অভিযান চলাইছিল। কিন্তু এই অভিযানত এক পইচাও উদ্ধাৰ কৰিব পৰা নাছিল।

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে কেজৰিৱালক চোৰ বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে সুৰা কেলেংকাৰীৰে জৰিত কোনো তথ্য প্ৰমাণ তেওঁৰ ওচৰত নাই। যাৰ বাবে ইয়াক লুকুৱাবলৈ মোক এজন অভিজ্ঞ চোৰ বুলি সমালোচনা কৰিছিল।

এই কথা উল্লেখ কৰি কেজৰিৱালে কয়- ‘সমগ্ৰ সুৰা কেলেংকাৰীৰ ঘটনাটোৱেই ভুৱা। এই ঘটনাৰ কোনো তথ্য প্ৰমাণ নথকা প্ৰধানমন্ত্ৰীগৰাকীয়ে মোক চোৰ বুলি কৰা সমালোচনা শোভা নাপায়।‘

ইয়াৰোপৰি উক্ত সংবাদমেলত কেজৰিৱালে সুৰা কেলেংকাৰীৰ ঘটনাত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা সকলক শীঘ্ৰেই মুকলি কৰি দিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনায়।