ৰাষ্ট্ৰীয়

লোকসভা নিৰ্বাচন : আজি দেশৰ ৮ ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব...

Asomiya Pratidin

ডিজিটেল ডেস্ক : প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন সুকলমে সম্পন্ন হৈ যোৱাৰ পাছত সোমবাৰে দেশত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। এই নিৰ্বাচনত দেশৰ কেইবাগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য নিৰ্ণয় হ’ব।

আজি দেশৰ ৮খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত এলেকাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অনুষ্ঠিত হ’ব নিৰ্বাচন।

উক্ত সমষ্টিসমূহকলৈ এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি জুবিন ইৰাণী, পীয়ুষ গোৱেল, বিৰোধী নেতা ৰাহুল গান্ধী আদি ভালেকেইগৰাকী হাইপ্ৰফাইল নেতা এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰপ্ৰদেশৰ আমেথী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। একেদৰে ৰাইবেৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। মুঠৰ ওপৰত আজিৰ এই নিৰ্বাচনকলৈ দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।