মধ্যপ্ৰদেশত বিজেপিয়ে এতিয়ালৈকে পালে কিমান আসন....  
ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশত বিজেপিয়ে এতিয়ালৈকে পালে কিমান আসন....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত বিজেপিৰ চাৰিগৰকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনৰ ৭১ নং মাউগাঞ্জ ধানসভা সমষ্টি, ১৬৯ নং কালাপিপাল বিধানসভা সমষ্টি, ১৭৯ নং নেপানগৰ সমষ্টি আৰু ২২০ নং ৰাতলাম চিটি বিধানসভা সমষ্টি কেইটাৰ বিজেপি প্ৰাৰ্থী কেইগৰাকী বিজয়ী হৈছে।

এই সমষ্টি কেইটাত বিজয়ী হোৱা প্ৰাৰ্থী কেইগৰাকী ক্ৰমে প্ৰদীপ পাটিল, ঘনশ্যাম চন্দ্ৰবংশী, মঞ্জু ৰাজেন্দ্ৰ দাদু আৰু চেতন্য কাশ্যপ। আনহাতে ভাৰত আদিবাসী পাৰ্টিৰ কমলেশ্বৰ দদিয়াই ২২১ নং ছাইলানা বিধানসভা সমষ্টিত পৰাস্ত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিজেপি ১৬২ টা সমষ্টিত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৬২ খন আসনত আগবাঢ়ি আছে।