মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ ২৫ খনক লৈ সৃষ্টি হৈছে জটিলতা... 
ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ ২৫ খনক লৈ সৃষ্টি হৈছে জটিলতা...

২৬০ খন আসনত বিৰোধী ঐক্যমতত উপনীত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিৰোধী। যোৱা ২ টা বছৰত সৰ্বাধিক ৰাজনৈতিক পট পৰিবৰ্তন হোৱা মহাৰাষ্ট্ৰৰ আগন্তুক বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

যোৱা দুটা বছৰত ৰাজ্যখনৰ অন্যতম বৃহৎ দুই শক্তি শিৱ সেনা আৰু এন চি পি বিভক্ত হৈছে। বিজেপিৰ সৈতে মিত্ৰতাত থাকি দুয়োটা দলৰ দুটা অংশই চৰকাৰৰ অংশীদাৰ হোৱাই নহয় মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ দৰে দায়িত্ব গ্ৰহণ কৰিছে।

ৰাজ্যখনৰ এনে ৰাজনৈতিক পট পৰিবৰ্তনে ভোটাৰ ৰাইজৰ মাজতো প্ৰভাৱ পেলাইছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত জনসাধাৰণে তাৰ উত্তৰো দিছে। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছ, শিৱ সেনা (উদ্ধৱ ঠাকৰে), এন চি পি (শাৰদ পাৱাৰ) কে ধৰি আন কেইবাটাও ৰাজনৈতিক দলৰ মিত্ৰজোঁট মহা বিকাশ অঘড়ীয়ে ইতিমধ্যে আসন ভাগ বতৰা সন্দৰ্ভত বুজাপৰালৈ আহিছে যদিও কেইখনমান আসনক লৈ সৃষ্টি হৈছে জটিলতা।

বৃহস্পতিবাৰে দুপৰ নিশালৈকে হোৱা বৈঠকৰ অন্তত মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ ভিতৰত ২৬০ খন আসনক লৈ ঐক্য মতত উপনীত হৈছে এই দলসমূহ। কিন্তু ২৫ খন আসনক লৈ চূড়ান্ত ৰূপত সৃষ্টি হৈছে জটিলতা। এই আসন কেইখনত কংগ্ৰেছ, এন চি পি, শিৱ সেনা তিনিওটা দলেই প্ৰাৰ্থী নিক্ষেপ কৰিবলৈ বিচাৰিছে।

সেয়ে এই সমস্যা সমাধানৰ বাবে এতিয়া তিনিওটা দলৰে শীৰ্ষ নেতাই পুনৰ আলোচনাত বহিব। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, এন চি পিৰ সাভাপতি শাৰদ পাৱাৰ আৰু শিৱ সেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে বৈঠকত মিলিত হৈ এই আসন কেইখনক লৈ সৃষ্টি হোৱা জটিলতা দূৰ কৰাৰ চেষ্টা চলাব।

জানিব পৰা মতে আগন্তুক নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছে ১০০ খন, উদ্ধৱ ঠাকৰে গোটৰ শিৱ সেনাই ৯০ ৰ পৰা ১০০ খন আৰু শাৰদ পাৱাৰৰ এন চি পিয়ে ৭০ ৰ পৰা ৮০ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।

হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলৰ পৰা শিক্ষা লৈ ৰাজ্যখনত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলসমূহকো গুৰুত্ব দিছে কংগ্ৰেছে। সেয়ে তেওঁলোকে প্ৰকাশ প্ৰকাশ আম্বেদকাৰৰ দলকো মিত্ৰজোঁটলৈ আনিবলৈ চেষ্টা কৰিছে যদিও দলটো আহিবলৈ এতিয়ালৈকে সন্মত হোৱা নাই।

সেইদৰে ৰাজ্যখনত সমাজবাদী পাৰ্টি আৰু আন কেইবাটাও ক্ষুদ্ৰ ৰাজনৈতিক দলকো দুই, তিনিখন আসন এৰি দিব কংগ্ৰেছে। বিৰোধীৰ এনে তৎপৰতাৰ দৰেই শাসক পক্ষও ৰাজ্যখনত তৎপৰ হৈ আছে।

ৰাজ্যখনত ২৮৮ খন আসনৰ ভিতৰত বিজেপিয়ে ১৫০ ৰ পৰা ১৫৫ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। শিৱ সেনাৰ একনাথ সিন্দে গোটে ৯০ ৰ পৰা ৯৫ খন আসনত, এন চি পিৰ অজিত পাৱাৰ গোটে ৪০ ৰ পৰা ৪৫ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে বুলিও জানিব পৰা গৈছে।