ৰাষ্ট্ৰীয়

সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এগৰাকী গৰ্ভৱতী মহিলাৰ অতি কৰুণ মৃত্যুৰ এক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপূৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে এখন দলঙৰ তলত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে মহিলাগৰাকীয়ে তেওঁৰ ৪বছৰীয়া পুত্ৰক চকলেট কিনি দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰ পৰা নিৰুদ্দেশ আছিল মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে বৰ্ধা নদীৰ দলঙৰ তলত উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। আনহাতে মহিলাগৰাকীৰ ৪ বছৰীয়া সন্তানটি মৃতদেহৰ ওচৰতে কান্দি বহি থাকে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে মহিলাগৰাকী স্কুটীৰে গৈ থকা অৱস্থাত দলঙৰ পৰা তলত পৰে। যাৰ বাবে এই ঘটনা সংঘটিত হয়। এই ঘটনাত মহিলাগৰাকীৰ মৃত্যু হয় যদিও প্ৰাণ ৰক্ষা পৰে ৪ বছৰীয়া শিশুটিৰ।

ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে। আনহাতে আহত শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।