ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত অমীমাংসিত 'INDIA'ৰ আসন ভাগ-বতৰা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। এই সময়ত দলসমূহৰ মাজতো চলি আছে আসন-ভাগবতৰা। 'ইণ্ডিয়া'ৰ ইতিমধ্যে কেইখনমান ৰাজ্যত আসন ভাগ-বতৰাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে আন কিছুমান ৰাজ্য়ত অমীমাংসিত হৈয়ে আছে।

লোকসভাত মহাৰাষ্ট্ৰৰ পৰা আছে ৪৮ খনকৈ আসন। জানিব পৰা মতে শিৱসেনা(ইউবিটি), কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ দলৰ লগত ৩৯ খন আসনৰ ভাগ-বতৰা হৈছে আৰু আন ৯ খন আসনক লৈ আলোচনা চলি আছে।

জানিব পৰা মতে কংগ্ৰেছে মুম্বাইৰ ৬ খন লোকসভা আসনৰ ভিতৰত ৩ খন আসন বিচাৰিছে। ইয়াৰ ভিতৰত আছে মুম্বাই চেন্ট্ৰেল, মুম্বাই নৰ্থ চেন্ট্ৰেল আৰু মুম্বাই নৰ্থ ৱেষ্ট। আনহাতে উদ্ধৱ থাকৰে ১৮ খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিব বিচাৰিছে। এই ১৮ খন আসনৰ ভিতৰত আছে মুম্বাই চেন্ট্ৰেল, মুম্বাই নৰ্থ চেন্ট্ৰেল আৰু মুম্বাই নৰ্থ ৱেষ্ট।

উল্লেখ্য যে, কংগ্ৰেছে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ সৈতে চুক্তি কৰিছিল। আনহাতে কংগ্ৰেছৰ দিল্লী, গুজৰাট, হাৰিয়ানা, গোৱা আৰু চণ্ডিগড়ত আপৰ সৈতে চুক্তিত হৈছিল। এতিয়া কেৱল কেইখনমান ৰাজ্যতহে সমস্যা সমাধান হ'বলৈ বাকী আছে।