মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ পট পৰিবৰ্তনঃ কেইবাজনো শীৰ্ষ নেতা আহিল শাৰদ পাৱাৰৰ কাষলৈ... 
ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ পট পৰিবৰ্তনঃ কেইবাজনো শীৰ্ষ নেতা আহিল শাৰদ পাৱাৰৰ কাষলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ পট পৰিবৰ্তনৰ ইংগিত পোৱা গৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এন চি পি নেতা অজিত পাৱাৰৰ সৈতে শাৰদ পাৱাৰৰ সংগ ত্যাগ কৰি এন ডি এত চামিল হোৱা কেইবাজনো বিধায়কে অজিত পাৱাৰৰ সংগ ত্যাগ কৰি পুনৰ শাৰদ পাৱাৰৰ কাষলৈ উভতি আহিছে।

এই ৰাজনৈতিক পট পৰিবৰ্তনৰ মূলতে হৈছে লোকসভা নিৰ্বাচনত 'ইণ্ডিয়া' গোটে লাভ কৰা ফলাফল। এন চি পিত ভাঙোন আনি মহাৰাষ্ট্ৰৰ বিজেপি, শিৱসেনা (সিন্দে গোট)ৰ চৰকাৰৰ অংশীদাৰ হৈছিল অজিত পাৱাৰৰ গোট।

সেই অজিত পাৱাৰৰ নেতৃত্বাধীন এন চি পি গোটতত এতিয়া আৰম্ভ হৈছে ভাঙোন। দলটোৰ মুঠ চাৰিগৰাকী শীৰ্ষ নেতাৰ সৈতে আন বহু কেইগৰাকী নেতাই অজিত পাৱাৰৰ সংগ ত্যাগ কৰি মঙ্গলবাৰেই অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছিল। বুধবাৰে এই নেতাকেইগৰাকীয়ে 'ইণ্ডিয়া'ৰ অংশীদাৰ শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিত যোগদান কৰিছে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে ২০২৩ ত এন চি পিত ভাঙোন আনি কেইবাজনো বিধায়কসহ বিজেপিৰ শৰনাপন্ন হৈছিল অজিত পাৱাৰ। ফলশ্ৰুতিত অজিত পাৱাৰৰ বিৰুদ্ধে উত্থাপিত বহু হাজাৰ কোটি টকীয়া অভিযোগ তল পৰিছিল। সমান্তৰালকৈ অজিত পাৱাৰে পুৰস্কাৰ হিচাপে লাভ কৰিছিল মহাৰাষ্ট্ৰৰ দ্বিতীয় উপ-মুখ্যমন্ত্ৰীৰ পদ।

কিন্তু সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল। ৩ জন সাংসদ লগত থকাৰ পিছতে এইবাৰ লোকসভা নিৰ্বাচনত সেই তিনি আসনতে প্ৰতিদ্বন্দিতা কৰি কোনোমতে এখন আসনহে লাভ কৰে অজিত পাৱাৰৰ গোটে। বাকী দুজন সাংসদ পৰাস্ত হয়।

ইয়াৰ বিপৰীতে মাত্ৰ এজন সাংসদৰ সমৰ্থন থকা শাৰদ পাৱাৰ গোটে এইবাৰ নিৰ্বাচনত ৮ খন আসন লাভ কৰিবলৈ সক্ষম হ’ল। একেদৰেই চৰম ব্যৰ্থ হয় বিজেপি আৰু শিৱসেনাৰ একনাথ সিন্দে গোট। আসন বৃদ্ধি পায় 'ইণ্ডিয়া'ৰ অংশীদাৰ উদ্ধব ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনা আৰু কংগ্ৰেছৰ।

মঙ্গলবাৰে যি চাৰিগৰাকী শীৰ্ষ নেতৃত্বই দল ত্যাগ কৰি বুধবাৰে শাৰদ পাৱাৰৰ কাষ চাপিল তেওঁলোক ক্ৰমে অজিত গাভেন, ৰাহুল ভোছলে, পংকজ ভালেকাৰ আৰু য়শ ছান। এওঁলোকৰ উপৰিও আছে কেইবাজনো কাউন্সিলৰ আৰু অন্যান্য নেতা।

উল্লেখ্য, শেহতীয়াকৈ শাৰদ পাৱাৰে ৰাজহুৱাকৈ মন্তব্য কৰিছিল যিসকল এন চি পিৰ ক্ষতি কৰি, দলটোক দুৰ্বল কৰাৰ চেষ্টাত ব্ৰতী হৈছিল সেইসকল দললৈ ঘূৰি আহিবলৈ বিচাৰিলেও তেওঁলোকক দলত স্থান দিয়া নহ’ব। কিন্তু যিসকলে দলটোক শক্তিশালী কৰাত গুৰুত্ব দিছিল, ভৱিষ্যতে দলৰ ভাৱমূৰ্তি নষ্ট নকৰাৰ পণ লয় তেওঁলোকে ইচ্ছা কৰিলে দললৈ ঘূৰি আহিব পাৰে।

শাৰদ পাৱাৰৰ এই মন্তব্যৰ পাছতে অজিত পাৱাৰৰ সংগ ত্যাগ কৰি এইসকল নেতাই পুনৰ দললৈ ঘূৰি অহা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।