গণতন্ত্ৰত আঘাত ! কথা কোৱাৰ সময়তে ৰাজ্যসভাত বিৰোধী দলৰ নেতাৰ মাইক বন্ধ... 
ৰাষ্ট্ৰীয়

গণতন্ত্ৰত আঘাত ! কথা কোৱাৰ সময়তে ৰাজ্যসভাত বিৰোধী দলৰ নেতাৰ মাইক বন্ধ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গণতন্ত্ৰত বিৰহোধীৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শক্তিশালী বিৰোধী অবিহনে এখন গণতন্ত্ৰ সুস্থিৰ হ’ব নোৱাৰে। কিন্তু বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতত শাসকীয় বিজেপিয়ে বিৰোধীক গুৰুত্বহীন কৰি অহাৰ লগতে বিৰোধীক সংসদত কথা ক'বলৈও সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।

কিছু দিন পূৰ্বে বিদেশৰ মাটিত ৰাহুল গান্ধীয়ে এই অভিযোগ উত্থাপন কৰিছিল। কিন্তু এইবাৰ বিদেশত নহয়, সংসদৰ মজিয়াত এই অভিযোগত সৰৱ হ'ল ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে।

মঙ্গলবাৰে মণিপুৰ প্ৰসংগত শাসকীয় বিজেপি আৰু বিৰোধী পক্ষৰ মাজত বিতৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰিছিল। সেই সময়তে কথা কোৱাৰ সুযোগ দিছিল মল্লিকাৰ্জুন খাৰ্গেক।

বিৰোধী দলৰ নেতা খাৰ্গেয়ে যেতিয়াই কথা ক'বলৈ আসনৰ পৰা উঠিছিল তেতিয়াই ৰাজ্যসভাৰ শাসকীয় পক্ষৰ নেতা পীযুষ গোৱেলে বিভিন্ন ধৰণৰ কথাৰে তেওঁক বাধা প্ৰদান কৰে। গোৱেলে বাৰে বাৰে মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বক্তব্য প্ৰদানত বাধা প্ৰদান কৰে।

কেৱল সেয়াই নহয়, মল্লিকাৰ্জুন খাৰ্গেয়ে দাবী কৰিছে তেওঁৰ মাইকটোও সেই সময়ত বন্ধ কৰি দিয়া হৈছিল। সেই অভিযোগক লৈ আজি পুনৰ উত্তাল হৈ পৰে ৰাজ্যসভা। ডি এম কেৰ প্ৰবীণ সাংসদ টি শিৱাইয়ে খাৰ্গেৰ মাইক বন্ধ কৰা বিষয়টো উত্থাপন কৰি অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ কয়, সদনত দলীয় নেতা তথা বিৰোধী দলৰ নেতাক বিশেষ গুৰুত্ব দিয়া হয়। অন্তত তেওঁলোকে যেতিয়া বক্তব্য প্ৰদান কৰা হয় সেই বক্তব্য শান্ত হৈ সকলোৱে শুনা উচিত। কিন্তু সেয়া হোৱা নাই। বিৰোধী দলৰ নেতাৰ মাইক বন্ধ কৰি দিয়া হৈছে।

আনহাতে মল্লিকাৰ্জুন খাৰ্গেয়ে এই বিষয়ত ক্ষোভ প্ৰকাশ কৰিছে। কংগ্ৰেছ সভাপতি তথা বিৰোধী দলৰ নেতা খাৰ্গেয়ে কয়, এয়া ব্যক্তিগত ভাৱে তেওঁৰ অপমান। ইয়াৰোপৰি বিৰোধী দলৰ নেতাৰ আসনৰো অপমান।

তেওঁ কয়, আমি আমাৰ ইছ্যুবোৰ সদনৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছিলো। মোক কথা কোৱাৰ সুযোগ দিয়া নহ'ল। যেতিয়া আমি কথা ক'বলৈ চেষ্টা কৰিছো তেতিয়াই মোৰ মাইক বন্ধ কৰি দিয়া হৈছে।

সংসদত কথা কোৱাটো আমাৰ অধিকাৰ। এইদৰে মোক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। মোক অপমান কৰা হৈছে। মোৰ আত্মসন্মানত আঘাত কৰিছে। এইদৰে চৰকাৰৰ ইছাৰাত যদি সংসদ চলে তেনেহলে বুজিব লাগিব গণতন্ত্ৰ নাই।

অৱশ্যে জগদীপ ধনখড়ে দাবী কৰিছে বিৰোধী দলৰ নেতাগৰাকীৰ মাইক বন্ধ কৰা হোৱা নাছিল।