কিয় CBI য়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই সন্দীপ ঘোষক? মমতা, অভিষেকৰ সমালোচনা... 
ৰাষ্ট্ৰীয়

কিয় CBI য়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই সন্দীপ ঘোষক? মমতা, অভিষেকৰ সমালোচনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা ৩১ বছৰীয়া চিকিৎসক ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰে নাম জড়িত হোৱা প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই। চি বি আইয়ে এই ঘটনাৰ তদন্তৰ দায়িত্ব লোৱাৰ পাছতেই প্ৰায় প্ৰতিদিনেই সন্দীপ ঘোষক সোধপোছ অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা নাই।

ইয়াকে লৈ এতিয়া পশ্চিমবংগত প্ৰতিক্ৰিয়া অব্যাহত আছে। তৃণমূল কংগ্ৰেছৰ যুৱ নেতা, সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে সন্দীপ ঘোষক কিয় এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই সেই সন্দৰ্ভত আজি প্ৰশ্ন উত্থাপন কৰি চি বি আই আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়।

তেওঁ কয়, ৪ দিন ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ হাতত আছিল। তাৰ পাছৰ পৰাই চি বি আইৰ হাতত আছে। এই ঘটনাত এতিয়ালৈকে সন্দীপ ঘোষ কিয় গ্ৰেপ্তাৰ হোৱা নাই চি বি আইয়ে উত্তৰ দিয়ক।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সমগ্ৰ ঘটনাত যি ভূমিকা আছিল সেই ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

কেৱল চিকিৎসক ছাত্ৰীৰ যৌন নিৰ্যাতনেই নহয়, তেওঁৰ বিৰুদ্ধে আৰ্থিক দুৰ্নীতিৰো তদন্ত সমান্তৰালকৈ অব্যাহত আছে। কিন্তু তাৰ পাছতো চি বি আইয়ে এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা নাই।

সেয়ে এতিয়া অভিষেক বেনাৰ্জীয়ে চি বি আইক সমালোচনা কৰি কয়, এই ঘটনাত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছৰ পৰাই সকলো চি বি আইৰ হাতত। এই পৰ্যন্ত যৌন নিৰ্যাতন আৰু হত্যাৰ গোচৰত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নাই এই সন্দৰ্ভত চি বি আইয়ে উত্তৰ দিব লাগিব।

তেওঁ কয়, সাধাৰণ মানুহে ন্যায় বিচাৰিছে। আমি সেই ঘটনাৰ ন্যায় বিচাৰিছো। এই ঘটনাৰ সকলোৱে ন্যায় বিচাৰিছে। কিন্তু বিজেপিয়ে বিচাৰিছে কেৱল মুখ্যমন্ত্ৰীৰ পদত্যাগ। তাৰোপৰি তেওঁ যৌন নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন আনিবলৈয়ো দাবী উত্থাপন কৰিছে।

ইফালে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কলকাতাৰ এই ঘটনাক ৰাজনীতিকৰণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ বিজেপিক সমালোচনা কৰি কয়, তেওঁলোকে ডেডবডী বিচাৰিছে, আমি ন্যায় বিচাৰিছো।

আজি তৃণমূল ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয়, আজিৰ দিনটোক সমাজৰ নিৰ্যাতিতাসকলৰ বাবে উৎসৰ্গিত কৰিছো। বিশেষকৈ কলকাতাৰ আৰ জি কৰৰ আমাৰ প্ৰিয় ভনীজনীক।

তেওঁ আৰ জি কৰ হাস্পতালৰ গটনাৰ দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰি ভাষণত কয়, আমি দোষীসকলৰ শাস্তি বিচাৰিছো, ফাঁচীৰ দাবী কৰিছো। তেওঁলোকে (বিজেপিয়ে) বিচাৰিছে যাতে দোষীৰ ফাঁচী নহওক। তেওঁলোকে আন্দোলনত সাৰ-পানী যোগান ধৰি চক্ৰান্তৰ খেল খেলিছে। বংগক বদনাম কৰাৰ খেল খেলিছে। তেওঁলোক ইমান ভয়ংকৰ যে নিজৰ মানুহকো মাৰি পেলাব পাৰে। তেওঁলোকে ডেডবডী বিচাৰিছে। কিন্তু মনত ৰখা ভাল এই খেল ইমান সহজ নহয়।

এই একেখন মঞ্চৰ পৰাই তেওঁ আন এক আন্দোলনৰ কথা ঘোষণা কৰিছে। তেওঁ অহা শুকুৰবাৰৰ পৰা প্ৰতিখন মহাবিদ্যালয়ৰ পৰা ছাত্ৰীসকলে দোষীৰ ফাঁচীৰ দাবীৰে প্ৰতিবাদ আৰম্ভ কৰিব বুলি কয়। তাৰোপৰি সামাজিক মাধ্যমত ঘটনা সন্দৰ্ভত যিবোৰ ভুৱা ভিডিঅ' প্ৰচাৰ হৈ আছে সেই সমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰো হুংকাৰ দিছে।