ৰাষ্ট্ৰীয়

মণিপুৰ ধৰ্ষণ কাণ্ড : তদন্তৰ বাবে চি বি আয়ে ৰুজু কৰিলে গোচৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মণিপুৰত ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথ ঘূৰোৱা ভাইৰেল ভিডিঅ’ই কঁপাইছিল সমগ্ৰ দেশ। ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চি বি আইক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল। সেই মৰ্মে শনিবাৰ অৰ্থাৎ চি বি আইয়ে মণিপুৰৰ উক্ত বৰ্বৰ ঘটনাৰ সন্দৰ্ভত ৰুজু কৰিছে গোচৰ।

ডিঅ’পিটি অধিসূচনা প্ৰকাশ পোৱাৰ পিছতে চিবিআয়ে গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মহিলা নিৰ্যাতনৰ ঘটনাটো আছিল ৪ মে’ৰ। কিন্তু, ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২মাহৰ পাছত ১৯ জুলাইৰ দিনাহে ভাইৰেল হৈছিল জঘন্য কাণ্ডৰ ভিডিঅ’টো।

বৰ্তমানলৈ ঘটনাৰে জড়িত ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। যিজনলোকে এই ভিডিঅ’টো প্ৰস্তুত কৰিছিল সেই অভিযুক্তজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ তথ্য আহি পৰিছে। ঘটনাৰ সন্দৰ্ভত এতিয়া মণিপুৰ আৰক্ষী তথা চি বি আইয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইয়াৰোপৰি যিজনৰ মোবাইল ফোনেৰে ভিডিঅ’টো প্ৰস্তুত কৰিছিল সেই মোবাইল ফোনটোও ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য চি বি আয়ে আই পি চি ১৫৩এ, ৩৯৮, ৪২৭, ৪৩৬, ৪৪৮, ৩০২, ৩৫৪, ৩৬৪, ৩২৬, ৩৭৬, ৩৪ আই পি চি আৰু ২৫(১-চি)এ এক্টৰ অধীনত গোচৰ ৰুজু কৰিছে। আনহাতে, ঘটনাৰ সন্দৰ্ভত চিবিআইয়ে বহু লোকক নিজৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে।