ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কাৰো ভাষণতে নাই মণিপুুৰৰ কথাঃ নিজৰে মাজতে যুঁজি আছে জনতা... 
ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কাৰো ভাষণতে নাই মণিপুুৰৰ কথাঃ নিজৰে মাজতে যুঁজি আছে জনতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এটা বছৰৰো অধিক সময় ধৰি জ্বলি আছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মণিপুৰ। তাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তিলমানো গুৰুত্ব নাই মণিপুৰ প্ৰসংগত। ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৬০ হাজাৰৰো অধিক লোক গৃহহীন হোৱা ৰাজ্যখনক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাক কেন্দ্ৰ কৰি বিৰোধীয়ে তীব্ৰ সমালোচনা কৰি আহিছে।

শেহতীয়াকৈ অষ্টাদশ লোকসভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিলে। ইয়াৰ পাছতে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ আলোচনা অব্যাহত আছে। ৰাষ্ট্ৰপতিৰ ভাষণত ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতক বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ কথা কোৱা হৈছে।

ৰাষ্ট্ৰপতিৰ ভাষণত কেৱল বিজেপি চৰকাৰৰ জয়গান গোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোডী যিদৰে মণিপুৰ প্ৰসংগত নীৰৱ ঠিক সেইদৰেই ৰাষ্ট্ৰপতিৰ ভাষণতো এবাৰলৈও উল্লেখ নাছিল মণিপুৰ প্ৰসংগ।

ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰসংগতে লোকসভাত প্ৰধানমন্ত্ৰী মোডীয়ে মঙ্গলবাৰে ২ ঘণ্টা ১৪ মিনিট ধৰি ভাষণ ৰাখিলে। এই ২ ঘণ্টা ১৪ মিনিটৰ দীঘলীয়া ভাষণত মণিপুৰক লৈ এটাও শব্দই স্থান নাপালে। এনে পৰিস্থিতিত সংসদত উত্তাল হৈ পৰে।

মোডীৰ ভাষণৰ মাজতে মণিপুৰৰ পৰা নিৰ্বাচিত হৈ অহা দুই সাংসদে 'মণিপুৰৰ বাবে এক মিনিট', 'এক মিনিট', 'এক মিনিট' শ্লোগান দিয়ে। তেওঁলোকক সম্পূৰ্ণ সহযোগিতা কৰিলে বিৰোধীয়ে।

ৰাষ্ট্ৰপতিৰ ভাষণক কেন্দ্ৰ কৰি ধন্যবাদসূচক ভাষণ দিয়া মোডীয়ে মণিপুৰৰ প্ৰসংগত কোনো কথাই উল্লেখ নকৰাত বিৰোধী শিবিৰে সংসদৰ মজিয়া উত্তাল কৰি তোলে। মোডীৰ ভাষণৰ মাজত বিৰোধীয়ে 'নৰেন্দ্ৰ মোডী মণিপুৰ যাওঁ', 'জাষ্টিছ ফৰ মণিপুৰ' আদি শ্লোগান দিয়ে। কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে মণিপুৰক লৈ এটাও শব্দ উচ্চাৰণ নকৰিলে।

উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ অন্যান্য ৰাজ্যত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত একাধিকবাৰ ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলালে যদিও মণিপুৰক সম্পূৰ্ণ এৰি চলিলে। কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, বিজেপিৰ আন শীৰ্ষ নেতায়ো মণিপুৰ ভ্ৰমণ এৰি চলিছিল।

এই ৰাজ্যখনৰ দুই গোষ্ঠী কুকি আৰু মেইটেইসকলৰ মাজত সংঘাত কিদৰে দূৰ কৰিব তাক লৈয়ো নাই বিজেপি চৰকাৰৰ কোনো পৰিকল্পনা। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ কিদৰে পৰিকল্পনা প্ৰস্তুত কৰিছে সেই বিষয়তো নীৰৱ মোডী আৰু মোডীৰ চৰকাৰ।

এনে পৰিস্থিতিত সোমবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। ৰাহুলে সংসদত মণিপুৰ প্ৰসংগৰ উপৰিও নীট কেলেংকাৰী, অগ্নিবীৰ প্ৰকল্পকে ধৰি অনেক বিষয়ত সমালোচনা কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণত সকলোবোৰ বিষয়ৰে প্ৰত্যুত্তৰ দিলে যদিও মণিপুৰ প্ৰসংগত কোনো কথাই নকলে।

উল্লেখ্য যে, মণিপুৰৰ পৰা নিৰ্বাচিত হৈ অহা সাংসদ এ বিমলে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰসংগত বক্তব্য দিয়াৰ বাবে এক সুযোগ লাভ কৰিছিল। কিন্তু অতি আচৰিত ধৰণে তেওঁক এই সুযোগ দিয়া হৈছিল নিশা ১১.৩০ বজাত। যিসময়ক সংসদ প্ৰায় শূন্য হৈ পৰিছিল।

তেনে সময়তে সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। মঙ্গলবাৰে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে মণিপুৰৰ আন এগৰাকী সাংসদ এছ এছ জামিৰক ভাষণ দিবলৈ সুযোগ দিয়াৰ দাবী কৰিছিল কংগ্ৰেছে। কিন্তু লোকসভাৰ অধ্যক্ষই এই সুযোগ নিদিয়াত গৌৰৱ গগৈৰ নেতৃত্বত মণিপুৰৰ দুই সাংসদৰ উপৰিও নাগালেণ্ডৰ এগৰাকী সাংসদে প্ৰধানমন্ত্ৰীৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে এবাৰলৈও নললে মণিপুৰৰ নাম।