জাৰি হ'ল নিৰ্বাচনী অধিসূচনা... 
ৰাষ্ট্ৰীয়

জাৰি হ'ল নিৰ্বাচনী অধিসূচনা...

মহাৰাষ্ট্ৰ, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ লগতে ৪৮ বিধানসভা আৰু ২ লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগে মঙ্গলবাৰে বিয়লি নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেলৰ জৰিয়তে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে অসমকে ধৰি কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। ইয়াৰ লগে লগে এই ৰাজ্যসমূহত নিৰ্বাচনী অধিসূচনা জাৰি হৈছে।

আয়োগে ১৫ অক্টোবৰ ২০২৪ ত No. 437/6/1/INST/ECI//FUNCT/MCC/2024 ৰ জৰিয়তে কেবিনেট ছেক্ৰেটেৰী, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ঝাৰখণ্ড, মহাৰাষ্ট্ৰৰ উপৰিও অসম, বিহাৰ, ছত্তিশগড়, গুজৰাট, কৰ্ণাটকা, কেৰালা, মধ্যপ্ৰদেশ, মেঘালয়, পঞ্জাৱ, ৰাজস্থান, ছিকিম, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগৰ মুখ্য সচিব তথা ৰাজ্যিক নিৰ্বাচনী আয়ুক্তলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে।

আয়োগে তাৎক্ষণিক ভাবে ৰাজনৈতিক দল, প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী নীতি, নিৰ্দেশনা বলবৎ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। নিৰ্বাচন অন্ত নপৰালৈকে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী হৈ থাকিব।

উল্লেখ্য যে, নিৰ্বাচন আয়োগে মঙ্গলবাৰে ঘোষণা কৰা অনুসৰি অহা ২০ নৱেম্বৰত এটা পৰ্যায়তে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ বাবে অন্তিম দিন ৩০ অক্টোবৰ আৰু ১ নৱেম্বৰ।

মহাৰাষ্ট্ৰৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ। মহাৰাষ্ট্ৰৰ মুঠ বিধানসভা সমষ্টি ২৮৮ খন আৰু ঝাৰখণ্ডৰ ৮২ খন।

তাৰোপৰি ১৩ আৰু ২০ নৱেম্বৰত দেশৰ মুঠ ৪৮ টা বিধানসভা সমষ্টিত আৰু দুটি লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। এই ৪৮ টা বিধানসভা সমষ্টিৰ ভিতৰত অসমৰো আছে ৫ টা সমষ্টি। অসমৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা ক্ৰমে ধলাই, বঙাইগাওঁ, চামগুৰি, বিহালী আৰু ছিদলী বিধানসভা সমষ্টি।

অসমৰ এই ৫ টা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ। এই সকলো ৰাজ্যৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ২৩ নৱেম্বৰত।