ৰাষ্ট্ৰীয়

গুজৰাটত ৪৮,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ য'ত আনে দিয়া আশা শেষ হয়, তাতেই মোডীৰ গেৰান্টী আৰম্ভ হয়- দেওবাৰে গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য কৰে।তেওঁ কয় যে, ভাৰতত আমি কোৰোনাৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিছো তাৰ চৰ্চা সমগ্ৰ বিশ্বত হয়। আমি কোৰোনাক পৰাজয় কৰিব পাৰিছো কিয়নো বিগত ১০ বছৰত দেশৰ স্বাস্থ্যখণ্ডত যথেষ্ঠ উত্তৰণ হৈছে।

গুজৰাট ভ্ৰমণৰ এই সময়চোৱাত মোডীয়ে ৰাজকোটত এইমছ উদ্বোধন কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হোৱা ৪ খন অন্য এইমছ দেশবাসীত উছৰ্গা কৰে। ইয়াৰ লগতে ৪৮,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে।

তেওঁ কয় যে, আজি ৰাজকোটৰ পৰা এইমছ ৰাজকোট, এইমছ ৰায়বৰেলী, এইমছ মংগলাগিৰী, এইমছ ভাঠিণ্ডা আৰু এইমছ কল্যাীৰ উদ্বোধন হ'ল। ভাৰত এনেকৈয়ে দ্ৰুতগতিত আগবাঢ়ি আছে।

মোডীয়ে কয়, ভাৰত কি হিচাপে বিকশিত হৈছে তাৰ সৰু উদাহৰণ ৰাজকোটৰ পৰাই দিব পাৰি। স্বাধীনতাৰ ৫০ বছৰলৈ দেশত কেৱল এখনেই এইমছ আছিল। স্বাধীনতাৰ ৭০ টা দশকত কেৱল ৭ খন এইমছে স্বীকৃতি লাভ কৰে কিন্তু কেতিয়াও নিৰ্মাণ সম্পূৰ্ণ নহ'ল। কিন্তু আজি দেশৰ বিভিন্ন প্ৰান্তত এইমছ আছে।

মোডীয়ে কয়, আজি মই দ্বাৰকাৰ পবিত্ৰ ভূমি স্পৰ্শ কৰিছো। আজি উন্নয়নৰ সংকল্পই নতুন শক্তি লাভ কৰিছে। ঐশ্বৰিক বিশ্বাস মোৰ উন্নত ভাৰতৰ লক্ষ্যৰ সৈতেও জড়িত হৈ আছে।

উল্লেখ্য যে, এই জনসভা সম্বোধনৰ পূৰ্বে মোডীয়ে পঞ্চকুই সাগৰত 'স্কুবা ডাইভিং' কৰে। লগতে পানীৰ গভীৰলৈ গৈ প্ৰাচীন দ্বাৰকা দৰ্শন কৰে।