PM Narendra Modi 
ৰাষ্ট্ৰীয়

যোৱা ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছেঃ মোডী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কয় যে যোৱা পাঁচ বছৰত দেশৰ ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। উত্তৰাখণ্ডৰ পিথৌৰাগড়ৰ এখন ৰাজহুৱা সভাত ভাষণ দি মোডীয়ে কয় যে চৰকাৰে দেশৰ প্ৰতিটো কোনত বাস কৰা লোকসকলৰ প্ৰতিও দায়বদ্ধ। মাত্ৰ ৫ বছৰত ১৩ কোটিতকৈ অধিক লোক দৰিদ্ৰতা মুক্ত হৈছে। ইয়াৰে একাংশ আপোনালোকৰ দৰে পাহাৰত বাস কৰে। গতিকে এয়াই উদাহৰণ যে ভাৰত দৰিদ্ৰতা মুক্ত হব পাৰে।

মোডীয়ে কয় যে পূৰ্বতে গৰীবী হাটাও বুলি শ্লোগান দিয়া হৈছিল। ইয়াৰ অৰ্থ আছিল আপোনালোক আঁতৰি যাঁওক। এতিয়া মোডীয়ে কৈছে যে আমি সকলোৱে মিলি দৰিদ্ৰতা দূৰ কৰিম।

মোডীয়ে কয় যে আজি বিশ্বত ভাৰতত প্ৰশংসা কৰা হয়। এটা সময় আছিল যেতিয়া সমগ্ৰ দেশতে হতাশাৰ পৰিৱেশ আছিল আৰু তাৰ পিছত প্ৰতিজন ভাৰতীয়ই ভাবিছিল যে দেশখনে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ পৰা মুক্তি পাব লাগে আৰু বিশ্বত ভাৰতৰ খ্যাতি বৃদ্ধি কৰিব লাগে।

এতিয়া ভাৰত আগবাঢ়ি আছে। ইয়াৰ কৰ্তৃত্ব জনসাধাৰণক দি মোডীয়ে কয় যে জনতাি ভোটৰ জৰিয়তে ৩০ বছৰৰ পিছত কেন্দ্ৰত এখন স্থিৰ আৰু শক্তিশালী চৰকাৰ নিৰ্বাচিত কৰি এনে কৰিছে। এয়া হৈছে জনতাৰ ভোটৰ শক্তি।

মোডীয়ে কয়, যেতিয়া মই পৃথিৱীৰ ডাঙৰ মানুহবোৰৰ সৈতে হাত মিলাও, মই তেওঁলকৰ চকুলৈ চাও। যেতিয়া তেওঁলোকে মোৰ ফালে চালে, তেওঁলোকে মোক দেখা নাপায় কিন্তু ১৪০ কোটি ভাৰতীয়ক দেখা পায়।

দেশৰ সীমান্ত সমূহৰ উন্নয়নৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে, আমি ভাৰতৰ সীমান্তত আধুনিক পথ, সুৰংগ আৰু দলং নিৰ্মাণ কৰি আছো। যোৱা ন বছৰত সীমান্ত অঞ্চলত ৪,২০০ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণ কৰা হৈছে, সীমান্তত ২৫০ খন মুখ্য দলং আৰু ২২ টা সুৰংগ নিৰ্মাণ কৰা হৈছে। সীমান্ত সমূহৰ আৰু অধিক উন্নয়ন কৰা হব বুলি মোডীয়ে কয়।