ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই ৭ খন নতুন এইমছ দেশবাসীৰ মুকলি কৰিব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যখণ্ডত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই নতুন ৭ খন এইমছ দেশবাসীৰ বাবে উচৰ্গিত কৰিব। ১৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে ৰেৱাৰী এইমছৰ আধাৰশিলা স্থাপন কৰিব।

এইমছৰ স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে চৰকাৰে প্ৰায় ১০,২০০ কোটি টকাৰ বৃহৎ পূজি আৱন্টন কৰিছে। মোডীয়ে উদ্বোধন কৰিব লগীয়া এইমছৰ কেইখন নিৰ্মাণ হৈছে ক্ৰমে - গুজৰাটৰ ৰাজকোট, বাথিন্দা, পঞ্জাৱৰ ৰায়বৰেলী, পশ্চিম বংগৰ কল্যাণী , অন্ধ্ৰ প্ৰদেশৰ মঙ্গলাগিৰি আৰু জম্মুৰ অৱন্তীপুৰ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। তাতেই তেওঁ বিভিন্ন খণ্ডত প্ৰায় ৯,৭৫০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। পিএমঅ কাৰ্যালয়ৰ পৰা এই সম্পৰ্কে জনায়।

পিএমঅই কয় যে, সমগ্ৰ দেশৰ জনস্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰেৱাৰী এইমছৰ আধাৰশিলা স্থাপন কৰা হ'ব। প্ৰায় ১,৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এইমছ প্ৰায় ২০৩ একৰ ভূমিত নিৰ্মাণ হ'ব।