ৰাষ্ট্ৰীয়

উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ নকৰে মণিপুৰ উচ্চ ন্যায়ালয়ৰ আদেশত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মণিপুৰ উচ্চ ন্যায়ালয়ৰ এক আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ। শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত ৰাজ্যখনৰ কেইবাটাও স্থানত বৰ্তমানেও বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। যাৰ বাবে মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনত সীমাবদ্ধভাবে পুনৰ ইণ্টাৰনেট সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই মণিপুৰ চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এক আবেদন। এই ক্ষেত্ৰত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে মণিপুৰ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই মণিপুৰ চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানি অনুসৰি ৰাজ্যখনত সীমিত প্ৰকাৰে ইণ্টাৰনেট পুনৰ জাৰি ৰখাৰ অনুমতিত হস্তক্ষেপ নকৰে দেশৰ উচ্চতম ন্যায়ালয়ে।

অৱশ্যে এই ক্ষেত্ৰত ন্যায়ালয়ে মণিপুৰক ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে মূল্যাঙ্কন কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈও স্বাধীনতা প্ৰদান কৰিছে। শুনানিৰ সময়ত মণিপুৰ চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰপীঠক কয় যে, যিকোনো উৰাবাতৰিয়ে মণিপুৰক এই বিষয়ত পুনৰ হিংসাত্মক কৰি তুলিব পাৰে।

উল্লেখ্য ৭ জুলাইতেই মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যচৰকাৰক ৰাজ্যখনত ইণ্টাৰনেট লীজ লাইন (আইএল) আৰু ফাইবাৰ টু দ্য হোম (এফটিটিএইচ) সংযোগৰ ওপৰত থকা ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই ল'বলৈ নিৰ্দেশ দিছিল।