ৰাষ্ট্ৰীয়

সাজু ৰাম নগৰীঃ ২২,০০০ বাহন পাৰ্কিঙৰ ব্যৱস্থা, ড্ৰোণেৰে কৰিব নিৰীক্ষণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। ২২ জানুৱাৰীৰ বাবে সাজু হৈছে অযোধ্যা। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ দিনা অযোধ্যাৰ নিৰাপত্তাৰ দিশতো বিশেষ গুৰুত্ব দিয়া হৈছে।

যোগী চৰকাৰে অতিথিসকলৰ বাহন ৰখাৰ বাবেও পৰ্যাপ্ত ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৫১ টাকৈ স্থান চিহ্নিত কৰিছে। এই ঠাইসমূহত ২২,৮২৫ খন বাহন পাৰ্কিঙৰ ব্য়ৱস্থা কৰা হৈছে। কেৱল ইমানেই নহয়, পাৰ্কিঙৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ বাবে পাৰ্কিং স্থল গুগত মেপতো আপলোড কৰি দিছে। ইয়াৰোপৰি পাৰ্কিঙত ভিভিআইপি, ভিআইপি আদিৰ বাবে পাৰ্কিং সংৰক্ষণ কৰি ৰখা হৈছে।

অযোধ্যাৰ ট্ৰেফিক চিঅ ৰাজেশ তিৱাৰীয়ে কয় যে, ৰামপথ আৰু ভক্তিপথস্থিত ৬ টা পাৰ্কিঙৰ স্থানত ভিভিআইপিৰ বাহনৰ বাবে সংৰক্ষণ কৰা হৈছে। ইয়াত ১২২৫ খন বাহন ৰাখিব পাৰিব।

ইয়াৰোপৰি অন্য ঠাইত ভিআইপিৰ বাবে বাহন ৰখাৰ ব্যৱস্থা কৰা হৈছে। ধৰ্ম পথ মাৰ্গ আৰু পৰিক্ৰমা মাৰ্গত ভিআইপিৰ প্ৰায় ১০,০০০ বাহন ৰখাৰ ব্যৱস্থা কৰা হৈছে। অন্য অতিথিৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে। এই পাৰ্কিঙৰ স্থানসমূহ ড্ৰোণেৰে নীৰিক্ষণ কৰা হ'ব।