ৰিজাৰ্ভ বেংকৰ ৰোষত পেটিএমঃ এটা পান নম্বৰত এহেজাৰ একাউণ্ট, আৰ্থিক দুৰ্নীতিৰ অভিযোগ 
ৰাষ্ট্ৰীয়

ৰিজাৰ্ভ বেংকৰ ৰোষত পেটিএমঃ এটা পান নম্বৰত এহেজাৰ একাউণ্ট, আৰ্থিক দুৰ্নীতিৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পেটিএমৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা। আৰ বি আইয়ে জনোৱা অনুসৰি ২৯ ফেব্ৰুৱাৰীৰ পৰা পেটিএমে কোনোধৰণৰ নতুন বেংকিং পৰিসেৱা দিব নোৱৰিব।

কোনো গ্ৰাহকৰ একাউণ্ট, ৱালেট বা ফাষ্টটেগত কোনো টকাৰ লেনদেন কৰিব নোৱাৰিব। কিন্তু বহুতৰ মনত হয়তো প্ৰশ্ন উত্থাপন হ'ব পাৰে পেটিএমৰ বিৰুদ্ধে আৰ বি আইৰ এই সিদ্ধান্ত কিয়? আৰ বি আইয়ে জনোৱা অনুসৰি পেটিএমে ক্ৰমাগতভাৱে আৰ বি আইৰ নিয়ম উলংঘন কৰিছে। যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।

জানিব পৰা মতে পেটিএম পেমেণ্টছ বেংকে বহু অনিয়ম সংঘটিত কৰিছে। এই অনলাইন এপটোত উপযুক্ত তথ্য, পৰিচয় অবিহনেই হাজাৰ হাজাৰ একাউণ্ট খোলা হৈছে। অধিকাংশ একাউণ্টেৰেই কে ৱাই চি বা সাধাৰণ বেংকিং তথ্য নাই।

একেটা পান নম্বৰ ব্যৱহাৰ কৰি এহাজাৰতকৈও অধিক একাউণ্ট পেটিএমৰ সৈতে জড়িত হৈ আছে। ফলত আৰ্থিক দুৰ্নীতিৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। অভিযোগ অনুসৰি উপযুক্ত তথ্য প্ৰমাণ অবিহনেই পেটিএমৰ একাউণ্ট খোলা হৈছে।

সেই একাউণ্টৰ জৰিয়তে কোটি কোটি টকাৰ লেনদেন কৰা হৈছে। আৰ বি আইয়ে এই একাউণ্টসমূহৰ নথি বিচৰাত সকলো তথ্য পোহৰলৈ আহিছে। আৰ বি আইৰ সন্দেহ অনুসৰি উপযুক্ত তথ্য প্ৰমাণ অবিহনেই যিসমূহ একাউণ্ট পেটিএমত আছে সেই একাউণ্টসমূহ কোনো আৰ্থিক দুৰ্নীতিৰ সৈতে জড়িত হৈ আছে।

এই একাউণ্ট সমূহৰ জৰিয়তে সহজেই দুৰ্নীতিৰ টকা লেনদেন সম্ভৱ হৈ আছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি পেটিএমৰ এই অনিয়মৰ কথা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অৱগত কৰা হৈছে।

জানিব পৰা মতে পেটিএমত সংঘটিত হোৱা এই দুৰ্নীতিসমূহৰ তদন্ত কৰিব ইডিয়ে। পেটিএমৰ অভিভাৱক সংস্থা ওৱান ৯৭ কমিউনিকেশ্যন লিমিটেডো আৰ বি আইৰ ৰোষত পৰিছে।

অৱশ্যে আৰ বি আইয়ে পেটিএমৰ গ্ৰাহকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২৯ ফেব্ৰুৱাৰী পাছতো পেটিএমৰ জৰিয়তে অনলাইন মাধ্যমেৰে টকা দিব পাৰিব। ইয়াৰোপৰি পেটিএমৰ একাউণ্টৰ পৰা জমা টকা উলিয়াব পাৰিব।