নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰিলে গৌতম গম্ভীৰে... 
ৰাষ্ট্ৰীয়

নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰিলে গৌতম গম্ভীৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ সাংসদ তথা ভাৰতীয় বিশ্বকাপ জয়ী ক্ৰিকেট দলৰ সদস্য গৌতম গম্ভীৰে অব্যাহতি বিচাৰিলে ৰাজনীতিৰ পৰা। সামাজিক মাধ্যমৰ জৰিয়তে বিজেপিৰ সভাপতি জেপি নড্ডাক ৰাজনীতিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছে বিজেপিৰ সাংসদগৰাকীয়ে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল গৌতম গম্ভীৰে। বিজেপিৰ পৰাই তেওঁ পূৱ দিল্লী লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈ সংসদলৈ গৈছিল। ইয়াৰ ঠিক ৫ বছৰৰ পিছত নিৰ্বাচনৰ প্ৰাক ক্ষণত তেওঁ বিজেপিৰ শীৰ্ষ নেতৃত্বক জনালে ক্ৰিকেট সংক্ৰান্তিয় দায়িত্ব আৰু কৰ্তব্যৰ বাবে আব্যাহতি লাগে ৰাজনীতিৰ পৰা।

শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰগৰাকীয়ে এক্স হেণ্ডেলত লিখিছে- ''মই আমাৰ সন্মানীয় দলীয় সভাপতি জেপি নড্ডাজিক অনুৰোধ জনাইছো, মোক মোৰ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি দিয়ক। যাতে মোৰ আসন্ন ক্ৰিকেটিয় কৰ্তব্য পালনত অধিক মনোযোগ দিব পাৰি। মোক মানুহৰ বাবে কাম কৰাৰ সুযোগ দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছো। জয় হিন্দ।''

এই পোষ্টৰ পাছতে এতিয়া দেশজুৰি চৰ্চা হৈছিল গৌতম গম্ভীৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নাই। উল্লেখ্য যে, গৌতম গম্ভীৰৰ সমষ্টিৰ পৰা এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ হিচাপে পৰিচিত অক্ষয় খান্নাক বিজেপিয়ে টিকট প্ৰদান কৰিব বুলি চৰ্চা চলিছিল। একে সময়তে তেওঁক অৱশ্যে চান্দনি চকৰ পৰাও টিকট দিব বুলিও চৰ্চা হৈছে।

আনহাতে গৌতম গম্ভীৰৰ সতীৰ্থ যুৱৰাজ সিঙক লৈয়ো আৰম্ভ হৈছে জল্পনা-কল্পনা। যুৱৰাজ সিঙক পঞ্জাৱৰ গুৰুদাসপুৰৰ পৰা তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি চৰ্চা চলিছে।

এই গুৰুদাসপুৰ আসনত বৰ্তমান সাংসদ হিচাপে আছে বলিউড অভিনেতা ছানী দেউল। কিন্তু যুৱৰাজ সিঙেও তেওঁকলৈ চলা চৰ্চাক নস্যাৎ কৰিছে। তেওঁ এক্সত স্পষ্ট কৰিছে তেওঁকলৈ চলা সকলো চৰ্চা ভিত্তিহীন। তেওঁ গুৰুদাসপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে।

উল্লেখ্য যে, ২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব আই পি এল। এই সময়তে দেশত তীব্ৰতৰ হৈ পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। গৌতম গম্ভীৰে কলকাতা নাইটৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে দায়িত্ব পালন কৰিব লাগিব।

একে সময়তে ক্ৰিকেট আৰু ৰাজনীতি একেলগে চলাব নোৱাৰিব তেওঁ। সেয়ে ক্ৰিকেটক প্ৰাধান্য দি ৰাজনীতিক একাশৰীয়া কৰিছে বুলি গৌতম গম্ভীৰৰ ঘনিষ্ঠই জনাইছে।