দিল্লী যাত্ৰাৰ পূৰ্বেই বিমান বন্দৰত চৰ খালে নৱ নিৰ্বাচিত সাংসদ কংগনা ৰাণাউটে ! 
ৰাষ্ট্ৰীয়

দিল্লী যাত্ৰাৰ পূৰ্বেই বিমান বন্দৰত চৰ খালে নৱ নিৰ্বাচিত সাংসদ কংগনা ৰাণাউটে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দিল্লী যাত্ৰা সুখৰ নহ'ল কংগনা ৰাণাউটৰ। চণ্ডিগড় বিমান বন্দৰতে কংগনাৰ গালত পৰিল মহিলা সুৰক্ষা কৰ্মীৰ প্ৰচণ্ড চৰ।

প্ৰাপ্ত খবৰ মতে হিমাচলৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈ সাংসদ হিচাপে নিৰ্বাচিত কংগনাই আজি দিল্লী অভিমুখে যাত্ৰা কৰিছিল। এই যাত্ৰাৰ সময়তে চণ্ডিগড় বিমান বন্দৰৰ সুৰক্ষাত নিয়োজিত চি আই এছ এফ কৰ্মীয়ে নিয়ম মাফিক ছিকিউৰিটি ছেক কৰে।

সেই সময়ত কংগনাই তেওঁৰ মোবাইল ফোনটো এখন ট্ৰে’ত থবলৈ অস্বীকাৰ কৰাত সুৰক্ষাত নিয়োজিত এগৰাকী মহিলা জোৱানে প্ৰচণ্ড চৰ সোধালে। এই অভিযোগ উত্থাপিত হোৱা চি আই এছ এফৰ জোৱানগৰাকীৰ নাম কুলৱিন্দৰ কৌৰ। কংগনাই বিয়লি ৩ বজাত ভিষ্টাৰা বিমানৰ জৰিয়তে দিল্লীলৈ উৰা মাৰিছিল।

ইফালে আন এখন খবৰ মতে আকৌ চি আই এছ এফ জোৱান কুলৱিন্দৰ কৌৰ পূৰ্বৰে পৰা কংগনাক লৈ অসন্তুষ্ট হৈ আছিল। কংগনাই মাজে মধ্যে কৰি অহা বিতৰ্কিত মন্তব্যবোৰ তেওঁৰ সহ্য হোৱা নাছিল।

বিশেষকৈ কৃষক আন্দোলনৰ সময়ত কংগনাই এই আন্দোলনৰ বিৰোধিতা কৰি যিবোৰ মন্তব্য কৰিছিল সেই মন্তব্যক লৈ অসন্তুষ্ট হৈ আছিল। সেয়ে আজি সুযোগ পোৱাত তেওঁ কংগনাৰ গালত এই চৰ সোধালে।

উল্লেখ্য যে, নৱ নিৰ্বাচিত সাংসদ কংগনা ৰনাউট এগৰাকী সফল বলিউড অভিনেত্ৰী। তেওঁ অৰ্জন কৰিছে ৰাষ্ট্ৰী চলিচ্চিত্ৰ বঁটাৰ লগতে ৫ বাৰকৈ ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

এইগৰাকী অভিনেত্ৰী যিমান সফল সিমানেই বিতৰ্কিতও। প্ৰায়ে বিতৰ্কিত মন্তব্যৰে তেওঁ সংবাদ শিৰোনামত থাকে। কেতিয়াবা যদি ভাৰতে ২০১৪ ত হে স্বাধীনতা লাভ কৰিছে বুলি দাবী কৰিছে আন কেতিয়াবা আকৌ নৰেন্দ্ৰ মোডীক ভগৱান আখ্যা দিছে। এইবাৰ নিৰ্বাচনত তেওঁ মাণ্ডি সমষ্টিত মুঠ ভোটৰ ভিতৰত লাভ কৰিছে ৫,৩৭,০২২ টা ভোট।