ৰাষ্ট্ৰীয়

পদ্মবিভূষণ ওস্তাদ ৰছিদ খান আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ওস্তাদ ৰচিদ খানৰ শেষ নিশ্বাস ত্যাগ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। ২২ নৱেম্বৰৰ পৰা তেওঁৰ চিকিৎসা কলকাতাৰ পিয়ৰলেছ হাস্পতালত হৈ আছিল। তাৰ পাছতেই চিকিৎসাধীন অৱস্থাত ৯ জানুৱাৰীত মৃত্যু হয় তেওঁৰ। ওস্তাদ গৰাকীৰ শেষকৃত্য ১০ জানুৱাৰীত হ'ব।

২০০৬ চনত তেওঁ পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী লাভ কৰিছিল। ২০২২ চনত ওস্তাদ ৰাছিদ খানক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। তেওঁৰ মৃত্যুত শোকস্তব্দ হৈ পৰিছে সংগীত জগত। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা আৰম্ভ কৰি আদনান ছামীলৈ বিভিন্নজনে তেওঁৰ মৃত্য়ুত শোক প্ৰকাশ কৰিছে।

ৰাছিদ খানৰ জন্ম ১৯৬৮ চনৰ ১ জুলাইত উত্তৰ প্ৰদেশৰ বদায়ুত হৈছিল। তেওঁ তেওঁৰ ককাক ওস্তাদ নিছাৰ হুছেইন খানৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। ৰছিদ খানে প্ৰথমবাৰৰ বাবে ১১ বছৰ বয়সত অনুষ্ঠান কৰিছিল । তেওঁ ৰামপুৰ-সহস্ৱান ঘৰানাৰ গায়ক আছিল। কেইবাখনো চলচ্চিত্ৰত কন্ঠদান কৰিছিল তেওঁ। 'জব উই মেট'ত 'আওগে জব তুম সজনা' গানটো যথেষ্ট জনপ্ৰিয় আছিল।

ৰছিদ খান ওস্তাদ আমিৰ খান আৰু পণ্ডিত ভীমসেন যোশীৰ গানৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। সংগীতগৰাকীয়ে কেইবাটাও জনপ্ৰিয় গীত গাই গৈছে। ইয়াৰ ভিতৰত তেৰে মিনা মোহে ছেন নেহী, মাই নেম ইজ খানত অল্লাহ হী ৰহম আদি গান অন্যতম।