ৰাষ্ট্ৰীয়

নফে সিং ৰাঠী হত্যাকাণ্ডঃ পৰিয়াললৈ ফোন কৰি ভাবুকি দিয়া এজনক আটক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান নেশ্যনেল লোকদল হাৰিয়ানাৰ অধ্যক্ষ নফে সিং ৰাঠী আৰু তেওঁৰ কৰ্মকৰ্তাৰ হত্যা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে এজনক। হত্যাকাণ্ডৰ পাছত এই লোকজনে নফে সিঙ ৰাঠীৰ ঘৰত ফোন কৰি হত্যাৰ ভাবুকি দিছিল। অভিযুক্তজনক ৰাজস্থানৰ পৰা আটক কৰে আৰক্ষীয়ে।

এই হত্যাকাণ্ডত বৰ্তমানলৈকে ১৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এতিয়ালৈকে এই হত্যাকাণ্ডত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ৰাঠীৰ পুত্ৰ জীতেন্দ্ৰ ৰাঠীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত বিজেন্দ্ৰ ৰাঠী, সন্দীপ ৰাঠী আৰু পালে ৰামৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। মুঠ ১৫ জনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ।

উল্লেখ্য যে, দেওবাৰে অচিনাক্ত দুৰ্বৃত্তই ৰাঠী আৰু তেওঁৰ এজন সহকৰ্মীক গুলীয়াই হত্যা কৰিছিল। নেতাগৰাকীক গাড়ীৰ ভিতৰতে গুলীওৱাৰ ফলত থিতাতে মৃত্যু হৈছিল। পৰিয়ালৰ অভিযোগ অনুসৰি হত্য়াৰ কেইবাদিন পূৰ্বৰ পৰাই তেওঁ ভাবুকি পাইছিল।