শহুৰৰ ৩০০ কোটিৰ সম্পত্তি হস্তগত কৰিবলৈ বোৱাৰীয়েকে নিয়োগ কৰিলে ভাড়াতীয়া হত্যাকাৰী 
ৰাষ্ট্ৰীয়

শহুৰৰ ৩০০ কোটিৰ সম্পত্তি হস্তগত কৰিবলৈ বোৱাৰীয়েকে নিয়োগ কৰিলে ভাড়াতীয়া হত্যাকাৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এজন ৮২ বছৰীয়া বৃদ্ধ ৰাজপথেৰে খোজ কাঢ়ি গৈ আছে। হঠাত পিছফালৰ পৰা এখন বাহনে আহি বৃদ্ধজনক খুন্দা মাৰিছে। ফলত থিতাতে নিহত হৈছে এই বৃদ্ধগৰাকী। প্ৰথম অৱস্থাত এক দুৰ্ঘটনা যেন লাগিলেও এয়া কিন্তু সাধাৰণ দুৰ্ঘটনা নাছিল। এয়া আছিল ৩০০ কোটি টকাৰ সম্পত্তি হজম কৰাৰ এক সুপৰিকল্পিত হত্যাকাণ্ডহে।

মহাৰাষ্ট্ৰৰ নাগপুৰৰ ঘটনা এয়া। এই হত্যাকাণ্ডৰ বলি হোৱা ৮২ বছৰীয়া বৃদ্ধগৰাকীৰ নাম পুৰুষোত্তম পুত্তেৱাৰা। তেওঁক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰেই বোৱাৰীয়েক অৰ্চনা পুত্তেৱাৰাৰ বিৰুদ্ধে।

আৰক্ষীয়ে জনোৱা অনুসৰি পুৰুষোত্তম পুত্তেৱাৰাৰ হত্যাকাণ্ডত জড়িত আছে তেওঁৰেই বোৱাৰীয়েক। বোৱাৰী অৰ্চনাই শহুৰেকৰ ৩০০ কোটি টকাৰ সম্পত্তি হস্তগত কৰাৰ বাবেই ভাড়াতীয়া হত্যাকাৰী ব্যৱহাৰ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিলে।

ইয়াৰ বাবে অৰ্চনাই হত্যাকাৰীক আদায় দিছে ১ কোটি টকা। এই হত্যাকাণ্ডৰ এজন তদন্তকাৰী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি অৰ্চনাই শহুৰেকৰ বিশাল সম্পত্তি দখল কৰাৰ বাবেই এই ষড়যন্ত্ৰত লিপ্ত হৈছিল। হত্যাকাণ্ডক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি অৰ্চনাই তেওঁৰ শহুৰেকক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী নিয়োগ কৰিছিল। এই হত্যাকাৰীক এখন পুৰণি গাড়ী কিনিবলৈ প্ৰথমে কিছু টকা দিয়ে। সেই টকাৰে ক্ৰয় কৰা গাড়ীখনৰে পুৰুষোত্তম পুত্তেৱাৰাক খুন্দিয়াই হত্যা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে। যাতে কাৰো এয়া হত্যাকাণ্ড বুলি সন্দেহ নহয়।

সেই পৰিকল্পনা মতেই তেওঁলোক আগবাঢ়িছিল। ঘটনাটো সংঘটিত কৰাৰ দিনা পুৰুষোত্তম পুত্তেৱাৰাই তেওঁৰ অসুস্থ পত্নীক চিকিৎসালয়লৈ লৈ গৈছিল। চিকিৎসালয়ৰ পৰা উভতি অহাৰ পথতে পূৰ্ব পৰিকল্পিতভাৱেই ভাড়াতীয়া হত্যাকাৰীয়ে গাড়ীৰে পিছফালৰ পৰা তেওঁক খুন্দিয়াই। ফলত থিতাতে নিহত হয় ৮২ বছৰীয়া বৃদ্ধগৰাকী।

এই ঘটনাক প্ৰথমে সকলোৱে সাধাৰণ দুৰ্ঘটনা বুলিয়েই ধৰি লৈছিল। কিন্তু আৰক্ষীৰ দৃষ্টিত পুৰুষোত্তম পুত্তেৱাৰাৰ বোৱাৰী অৰ্চনাৰ কিছু গতিবিধিত সন্দেহ জন্মে। তাৰ পাছৰ পৰাই আৰক্ষীয়ে তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ ধৰে।

দুৰ্ঘটনা হিচাপে পঞ্জীয়ন হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে প্ৰথমে গাড়ীচালক বাগড়ে আৰু তেওঁৰ দুই সংগী নীৰজ, শচীনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকে আৰক্ষীৰ আগত তদন্তৰ সময়ত স্বীকাৰ কৰে যে পুৰুষোত্তম পুত্তেৱাৰাক হত্যা কৰিবলৈ তেওঁলোকক এক কোটি টকা দিছিল অৰ্চনাই।

ইয়াৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অৰ্চনাক। সমান্তৰালকৈ ৰুজু কৰে পৰিকল্পিত হত্যা কাণ্ডৰে জড়িত থকাৰ সন্দৰ্ভত এক গোচৰ।এই গোচৰৰ ভিত্তিতে অৰ্চনাকো গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য নাগপুৰৰ নগৰ উন্নয়ন দপ্তৰৰ অতিৰিক্ত সঞ্চালক হিচাপে কৰ্মৰত অৰ্চনা। এইগৰাকী অপৰাধী মহিলাই নিজৰ চৰকাৰী ক্ষমতাৰ বলত বহু দুৰ্নীতিও সংঘটিত কৰিছে। কিন্তু ৰাজনৈতিক প্ৰভাৱৰ বাবেই তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰিলে তেওঁ। ফলত এতিয়া তেওঁ বন্দী কাৰাগাৰত।