মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰকঃ ভাইৰেল ভিডিঅ'... 
ৰাষ্ট্ৰীয়

মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰকঃ ভাইৰেল ভিডিঅ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথক ভোটকেন্দ্ৰত প্ৰৱেশত বাধা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ নকুল নাথে বাৰাৰিপুৰৰ এটা ভোট কেন্দ্ৰত প্ৰৱেশৰ সময়তে একাংশ বিজেপি কৰ্মীয়ে আহি তেওঁক ইয়াত প্ৰৱেশত বাধা প্ৰদান কৰে।

নকুল নাথৰ অভিযোগ এই বিজেপি কৰ্মীসকলে তেওঁক অকৰ্তৃত্বশীলভাৱে ভোটকেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে। এই সন্দৰ্ভত এক ভিডিঅ'ও পোহৰলৈ আহিছে।

উল্লেখ্য যে, আজি মধ্যপ্ৰদেশ বিধানসভাৰ ২৩০ খন আসনৰ আটাইকেইখনতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনত এইবাৰ নিৰ্বাচনী যুঁজখন মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হৈছে।