ৰাষ্ট্ৰীয়

আজি নতুন ৰূপ পাব ১৬শ বছৰ পুৰণি নালন্দা বিশ্ববিদ্যালয়েঃ উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দিল্লীৰ পৰা বিশেষ বিমানযোগে বিহাৰলৈ উৰা মাৰিছে নৰেন্দ্ৰ মোডীয়ে। বুধবাৰে পুৱা বিহাৰৰ ৰাজগীৰস্থিত নালন্দা বিশ্ববিদ্যালয়ত উপস্থিত হয় মোডী। কিছু সময়ৰ পাছতে নালন্দা বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

মোডীৰ আগমন সন্দৰ্ভত ইতিমধ্যে জিলা আৰক্ষী প্ৰশাসনে ৰাজগীৰৰ প্ৰতিটো কোণত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে।। ইয়াৰ সমান্তৰালকৈ গয়া বিমানবন্দৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে আজি নতুন ৰূপ পাব ১৬শ বছৰ পুৰণি নালন্দা বিশ্ববিদ্যালয়ে।

এই অনুষ্ঠানত মোডীক সংগ দিব বৈদেশিক মন্ত্ৰী এছ জয় শংকৰে। লগতে ম্যানমাৰ, নিউজীলেণ্ড, পৰ্তুগাল,ছিংগাপুৰ,শ্ৰী লংকা,থাইলেণ্ডৰ লগতে কেইবাখনো দেশৰ ৰাজদূতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।