'আমাৰ বিজয়ক পৰাজয়ৰ ছায়াত ডুবাই ৰখাৰ চেষ্টা চলিছে': নৰেন্দ্ৰ মোডী 
ৰাষ্ট্ৰীয়

'আমাৰ বিজয়ক পৰাজয়ৰ ছায়াত ডুবাই ৰখাৰ চেষ্টা চলিছে': নৰেন্দ্ৰ মোডী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদীলয় দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে নৰেন্দ্ৰ মোডীয়ে আজি বিৰোধী 'ইণ্ডিয়া'ক লক্ষ্য কৰি লৈ তীব্ৰ সমালোচনা কৰিছে। ৪ জুনত প্ৰকাশ পোৱা দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ পাছত আজি প্ৰথমবাৰৰ বাবে মোডীয়ে বিৰোধী 'ইণ্ডিয়া'ক লক্ষ্য কৰি লৈ আক্ৰমণাত্মক হৈ পৰে।

তেওঁ দাবী কৰিছে 'ইণ্ডিয়া' মিত্ৰজোঁটে নিৰ্বাচনৰ সময়ত বাধা প্ৰদান কৰিবলৈ নিৰ্বাচন আয়োগক চাপত ৰাখিলে। আজি নতুন দিল্লীৰ পুৰণি সংসদ ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত নৰেন্দ্ৰ মোডীয়ে এন ডি এৰ সকলো সহযোগী দলকে ধন্যবাদ জ্ঞাপন কৰে।

এই বৈঠকতে তেওঁ কয়, ''এন ডি এ ভাৰত বৰ্ষৰ সকলোতকৈ সফল নিৰ্বাচনৰ পূৰ্বৰ মৰ্চা। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।'' লগতে নিৰ্বাচিত সকলো সাংসদকে মোডীয়ে অভিনন্দনো জনাই এই বৈঠকতে।

তেওঁ কয়, ''২০১৯ ত মই এটা কথাত জোৰ দিছিল সেয়া হৈছে বিশ্বাস। যেতিয়া আপোনালোকে মোক পুনৰ এবাৰ দায়িত্ব প্ৰদান কৰিছে তাৰ অৰ্থ হৈছে আমাৰ সকলোৰে মাজত বিশ্বাসৰ সেতু অটুট আছে।''

আনহাতে ভাষণত 'ইণ্ডিয়া' মিত্ৰজোঁটক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, ''নিৰ্বাচনৰ সময়ত প্ৰত্যক তিনিদিনৰ মূৰত নিৰ্বাচন আয়োগৰ দুৱাৰত টুকুৰীয়াই থাকিলে আৰু ইয়াৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিলে যাতে বাধা প্ৰদান কৰিব পাৰে। নিৰ্বাচনৰ সময়ত বহু সময় আয়োগে ন্যায়ালয়ত পাৰ কৰিবলগীয়া হ'ল। এয়া তেওঁলোকৰ এক বৃহৎ ষড়যন্ত্ৰ আছিল। ইয়াৰ বাবে দেশে তেওঁলোকক ক্ষমা নকৰিব।''

তেওঁ কয়, ''মই বিশ্বাস কৰোঁ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ যি ফলাফল, বিশ্বই তাক মানি লৈছে আৰু মানি ল'ব এয়া এন ডি এৰ মহাবিজয়। আপোনালোকে দেখিলে যোৱা দুদিন কেনেকৈ পাৰ হৈছে। যেন আমি পৰাজিতহে হৈছোঁ। নিজৰ কাৰ্যকৰ্তাৰ মনোবল বৃদ্ধি কৰিবৰ বাবে তেওঁলোকে এনে কৰিবলগীয়া হৈছে। চেষ্টা চলিছে আমাৰ এই বিজয়ক পৰাজয়ৰৰ ছায়াত ডুবাই ৰাখিব পাৰি।

প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ উপৰিও কয়, ''১০ বছৰৰ পিছতো কংগ্ৰেছৰ সংখ্যাই ১০০ অতিক্ৰম কৰিব পৰা নাই। যোৱা তিনিটা নিৰ্বাচনৰ আসনৰ সংখ্যা মিলালে কংগ্ৰেছৰ যিমান আসন হ’ব বিজেপিয়ে এইবাৰ অকলেই সিমান আসন লাভ কৰিছে।''

তেওঁ কয়, ''যোৱা সময়চোৱাত সংসদত তেওঁ আলোচনাৰ পৰা বঞ্চিত হৈছে। তেওঁ কয়, যোৱা ১০ বছৰত মই সদনত আলোচনাক 'মিছ' কৰিছিলোঁ। এতিয়া আশা কৰিছোঁ বিৰোধী নেতাই ৰাষ্ট্ৰৰ হিতৰ বাবে আলোচনা কৰিব। তেওঁলোকে আমাৰ বিৰুদ্ধে আছে, দেশৰ বিৰুদ্ধে নাই। মই আশা কৰোঁ তেওঁলোকে ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ সদনত ৰাষ্ট্ৰৰ হিতৰ বাবে আলোচনা কৰিব।''

তেওঁ নিজৰ ভাষণত পুনৰ দাবী কৰি কয় যে, ''মই কৈছিলোঁ ৪ জুনৰ পাছত তেওঁলোকৰ মাজত বিভাজন আৰম্ভ হ'ব। সেয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। তেওঁ 'ইণ্ডিয়া' গোটৰ প্ৰতিশ্ৰুতিসমূহো মিছা প্ৰতিশ্ৰুতি আছিল বুলি দাবী কৰিছে।

ভাষণত মোডীয়ে তেওঁৰ এই কাৰ্যকাল কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় বুলিও উল্লেখ কৰে। তেওঁ দেশৰ বিকাশ আৰু অৰ্থনীতিক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কোনো সময় অপচয় কৰিব নিবিচাৰে।

মোডীয়ে ভাষণত দেশৰ বিকাশ আৰু ভৱিষ্যত সম্পৰ্কে পুনৰ কয় যে, ''কৃষিৰ পৰা প্ৰযুক্তি, মহাকাশৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে ভাতৰ দ্ৰুতগতিত আগবাঢ়িছে। আমি আমাৰ ঐতিহ্যৰ বিষয়ে জনা উচিত আৰু আমি আমাৰ পৰ্যটন ক্ষেত্ৰক প্ৰচাৰ কৰিব বিচাৰোঁ। যেতিয়া ঔদ্যোগিত বিপ্লৱ আৰম্ভ হৈছিল, ভাৰত দাসত্বৰ মাজেৰে আগবাঢ়িছিল। সেয়েহে ইয়াৰ সুবিধা ল'ব নোৱাৰিলে। এতিয়া সেউজ যুগৰ সূচনা হৈছে, ভাৰত ইয়াৰ পৰা লাভাম্বিত হ'ব পাৰে।''