কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ আজি শপতগ্ৰহণ... 
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ আজি শপতগ্ৰহণ...

ওমৰ আব্দুল্লাৰ উপৰিও আন ৮ গৰাকী মন্ত্ৰীয়ে ল'ব শপতগ্ৰহণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ওমৰ আব্দুল্লাই। ওমৰ আব্দুল্লাই হ'ব কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ উপৰিও পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল। ইয়াৰ পিছতে জম্মু কাশ্মীৰৰ পৰা লাডাখক পৃথক দুই কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে জম্মু কাশ্মীৰ আৰু লাডাখ গঠন কৰিছিল।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জম্মু কাশ্মীৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত নেচনেল কনফাৰেন্স, কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাত নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।

আজি ডাল হ্ৰডৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই তেওঁক শপত বাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ উপৰিও তেওঁৰ ৮ জন সতীৰ্থ বিধায়কেও মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাজ্যখনৰ বিধানসভাৰ ৯০ খন আসনৰ ভিতৰত নেচনেল কনফাৰেন্সে ৪২ খন আসন দখল কৰিছিল। মিত্ৰজোঁটৰ আন সদস্য কংগ্ৰেছে ৬ খন, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(এম)-ই ১ খন আৰু ৫ গৰাকী নিৰ্দলীয় বিধায়কৰ সৈতে মুঠ ৫৪ জন সদস্যৰ সৈতে দলটোৱে চৰকাৰ গঠন কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে।