জম্মু কাশ্মীৰৰ যুৱকলৈ বিশেষ ঘোষণা ওমৰ আব্দুল্লাৰ... 
ৰাষ্ট্ৰীয়

জম্মু কাশ্মীৰৰ যুৱকলৈ বিশেষ ঘোষণা ওমৰ আব্দুল্লাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰ বিধানসভাৰ দিন ঘোষণা কৰাৰ পাছতেই ৰাজনৈতিক দলসমূহ সক্ৰিয় হৈ উঠিছে। অঞ্চলটোৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ১০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত মুঠ ৯০ খন আসনৰ বাবে ৩ টা পৰ্যায়ত ভোটগ্ৰহণ হ’ব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি নিৰ্বাচন আয়োগে অঞ্চলটোত গণতন্ত্ৰৰ পুনৰুত্থানৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই নেচনেল কনফাৰেন্সে তেওঁলোকৰ ঘোষণা পত্ৰ প্ৰকাশ কৰিছে।

জম্মু কাশ্মীৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ উপাধ্যক্ষ ওমৰ আব্দুল্লাই দলটোৰ ঘোষণা পত্ৰ প্ৰকাশ কৰি নিবনুৱাৰ সংস্থাপন, ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী যোগান দিয়াৰ কথা ঘোষণা কৰিছে।

আব্দুল্লাই কয়, আমি সকলো জম্মু কাশ্মীৰৰ নিবনুৱা সমস্যাৰ সৈতে পৰিচিত। দেশৰ ভিতৰত সকলোতকৈ বেছি নিবনুৱা জম্মু কাশ্মীৰত আছে।

তেওঁ পুনৰ কয়, ৫ আগষ্ট ২০১৯ ৰ পাছত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ কথা কোৱা হৈছিল কিন্তু নিবনুৱা সমস্যা হ্ৰাস নাপালে। নিযুক্তি প্ৰক্ৰিয়াত প্ৰৱঞ্চনা কৰা হৈছে, যুৱকসকল চাকৰিৰ পৰা বঞ্চিত হৈছে।

আব্দুল্লাই নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয়, আমি যুৱকসকলক প্ৰতিশ্ৰুতি দিছো নিবনুৱা সমস্যা সমাধান কৰিম। আমি পানী আৰু বিদ্যুতৰ সমস্যাও সমাধান কৰিম। সকলোকে ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ প্ৰদান কৰিম।

উল্লেখ্য যে, নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি জম্মু কাশ্মীৰত এইবাৰ মুঠ ৩ টা পৰ্যায়ত ভোটগ্ৰহণ হ’ব। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়, ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায় আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৪ অক্টোবৰত।