ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠিত ভাৰতবৰ্ষত প্ৰতিজন ভোটাৰৰ গুৰুত্ব আৰু মহত্বক বুজাই তুলিবলৈ সমগ্ৰ দেশতে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় । ১৯৫০ চনৰ ২৫ জানুৱাৰীত গঠন হোৱা ভাৰতৰ নিৰ্বাচন আয়োগৰ স্মৃতিত ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২০১১ চনৰ পৰা সেইসময়ৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিকভাৱে পাতনি মেলিছিল।

ভাৰতৰ আইন মন্ত্ৰণালয়ে এই দিৱস উদযাপন কৰা প্ৰস্তাৱ আগবঢ়াইছিল। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ভাৰতৰ সকলো নিৰ্বাচনী কেন্দ্ৰই কেন্দ্ৰই পালন কৰা হয়।নিৰ্বাচনী কেন্দ্ৰসমূহত ১৮ বছৰ সম্পূৰ্ণ কৰা ব্যক্তিক চিনাক্ত কৰি তেওঁলোকক ভোটদানৰ বিষয়ে সজাগ কৰাই দিৱসৰ মূল উদ্দেশ্য। ভোটাধিকাৰ লাভ কৰা ব্যক্তিক চিনাক্তকৰণ কৰি ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা এই দিৱসৰ অন্যতম উদেশ্য।

প্ৰতিবছৰে ১ জানুৱাৰীত ভোটাৰ চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় আৰু ২৫ জানুৱাৰীত ভোটাৰ সকলক ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰদান কৰা হয়।

এই দিৱসৰ জৰিয়তে প্ৰতিজন নাগৰিকৰ ভোটাধিকাৰে চৰকাৰক প্ৰশ্ন কৰা আৰু জবাবদিহি কৰাৰ ভূমিকাক আলোকপাত কৰা হয় । এই দিনটো উদযাপনৰ জৰিয়তে  নাগৰিকসকলক দেশৰ প্ৰগতিত তেওঁলোকৰ অংশগ্ৰহণ কিমান গুৰুত্বপূৰ্ণ সেয়া উপলব্ধি কৰোৱা হয়। কেৱল এটা ভোটই যে দেশৰ উন্নতিত ডাঙৰ পৰিৰ্বতন আনিব পাৰে সেই সন্দৰ্ভত সজাগতা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে ।