ৰাষ্ট্ৰীয়

ভূমিকম্প,বানপানী,পাৰমাণৱিক আক্ৰমণ আদিৰ মোকাবিলা কৰিবলৈ অযোধ্যাত মোতায়েন NDRF

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। ইয়াৰ পূৰ্বে ৰাম মন্দিৰৰ নিৰাপত্তাৰ ক্ষেত্ৰতো লোৱা হৈছে বিশেষ ব্যৱস্থা।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত ভূমিকম্প আৰু বানপানীৰ দৰে ঘটনাৰ লগতে ৰাসায়নিক, জৈৱিক, পাৰমাণৱিক আক্ৰমণৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) দলক মোতায়েন কৰা হৈছে। এই সকলে অযোধ্যাত অনুশীলন চলাই থকা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে ২২ জানুৱাৰীৰ পাছতো এই দলসমূহ অযোধ্যাত থাকিব। ভক্তৰ ভিৰ নকমা পৰ্যন্ত তেওঁলোক তাতেই থাকিব। উল্লেখ্য যে, ইয়াৰোপৰি অন্য দিশ সমূহতো গুৰুত্ব প্ৰদান কৰি হাজাৰ হাজাৰ চিচিটিভি স্থাপন কৰা হৈছে।