কোটা, ৰাজস্থান 
ৰাষ্ট্ৰীয়

কোটাত আকৌ উদ্ধাৰ ছাত্ৰৰ ওলমি থকা নিথৰ দেহঃ ২০২৪ ত এয়া অষ্টমতো ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আত্মহত্যাৰ নগৰি হিচাপে পৰিগণিত হৈ পৰিছে কোটা। এজনৰ পিছত এজনতৈ মেধাৱী শিক্ষাৰ্থীয়ে ইয়াত বন্ধ কোঠালিত শেষ কৰিছে জীৱন। কোটাত সংঘটিত হোৱা মেধাৱী ছাত্ৰৰ বৰ্ধিত আত্মহত্যাৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া, চাঞ্চল্যৰ মাজতে ইয়াৰ প্ৰতিকাৰৰ বাবে চেষ্টা অব্যাহত থকাৰ সময়তে পুনৰ ২০ বছৰীয়া এজন প্ৰচুৰ সম্ভাৱনাময় ছাত্ৰই আত্মহত্যা কৰিলে।

NEET ৰ প্ৰস্তুতিৰ বাবে এবছৰ পূৰ্বে ৰাজস্থানৰ কোটালৈ আহিছিল হাৰিয়ানাৰ ৰোহতকৰ এজন ছাত্ৰ। তেওঁৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকাৰ মাজতেই পৰীক্ষাত বহাৰ পূৰ্বেই আত্মহত্যাৰ পথ বাছি ল'লে এই ছাত্ৰজনে। দেওবাৰে হোষ্টেলৰ কোঠাত উদ্ধাৰ হ'ল তেওঁৰ ওলমি থকা অৱস্থাত নিথৰ দেহ। ইয়াৰ লগে লহে চলিত বছৰতেই কোটাত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি কোটাৰ এটা কোচিং চেণ্টাৰৰ কাষতে এটা হোষ্টেলত থাকি NEETৰ প্ৰস্তুতি চলাই আছিল তেওঁ। জানিব পৰা মতে দেওবাৰে ছাত্ৰজনক একাধিকবাৰ ফোন কৰিও ফোনত পোৱা নাছিল মাতৃয়ে। তাতেই সন্দেহ হয় পৰিয়ালৰ। তেওঁলোকে ইয়াৰ পাছতে যোগাযোগ কৰে হোষ্টেলৰ নিৰাপত্তাৰক্ষীৰ সৈতে। নিৰাপত্তাৰক্ষীয়ে ছাত্ৰজনৰ কোঠালিত গৈ দেখে কোঠালিৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ অৱস্থাত আছে।

বহুবাৰ বাহিৰৰ পৰা তেওঁলোকে ছাত্ৰজনক মাত দিয়ে যদিও কোনো সহাৰি নাপালে। ইয়াৰ পিছতেই তেওঁলোকে খবৰ দিয়ে স্থানীয় আৰক্ষীক। আৰক্ষীয়ে আহি হোষ্টেলৰ নিৰ্দিষ্ট কোঠাৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু কোঠাৰ ভিতৰৰ ছিলিং ফেনত ছাত্ৰজনৰ উলমি থকা নিথৰ দেহ প্ৰত্যক্ষ কৰে।

স্থানীয় এগৰাকী উচ্চ পদস্থ বিষয়া অৰবিন্দ ভৰদ্বাজে জনোৱা অনুসৰি ঘটনাস্থলীৰ পৰা কোনোধৰণৰ ছুইচাইদ নোট উদ্ধাৰ হোৱা নাই। তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। তেওঁলোকে ছাত্ৰজনে কিয় এই পথ বাছি ল'লে তাৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, কোটাত শিক্ষাৰ্থীৰ মাজত বৰ্ধিত আত্মহত্যাৰ ঘটনা হ্ৰাস কৰিবলৈ জিলা প্ৰশাসনতে একাধিক সুৰক্ষা আৰু সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। হোষ্টেলৰ ছিলিং ফেনত এণ্টি হেংগিং ডিভাইছকে ধৰি বিভিন্ন সামগ্ৰী লগাই আত্মহত্যা চেষ্টা ৰোধ কৰাৰ কৌশল অৱলম্বন কৰিছে। তথাপিও কিন্তু হ্ৰাস পোৱা নাই এই প্ৰৱণতা।

অৱশ্যে দেওবাৰে যিগৰাকী ছাত্ৰই আত্মহত্যা কৰিলে তেওঁৰ কোঠালিৰ ছিলিং ফেনত নাছিল কোনো এণ্টি হেংগিং ডিভাইছ বা তেনে কোনো সুৰক্ষামূলক ব্যৱস্থা। স্মৰ্তব্য, ৰাজস্থানৰ কোটা দেশৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ কেন্দ্ৰ হিচাপে বিখ্যাত।

আই আই টিৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক পাঠ্যক্ৰম আদিৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ মেধাৱী শিক্ষাৰ্থীয়ে। কিন্তু ইয়াত প্ৰচুৰ সম্ভাৱনাময় এই শিক্ষাৰ্থীসকলৰ মাজত বৃদ্ধি পাই যথেষ্ট মানসিক চাপ। এই চাপ সহ্য কৰিব নোৱাৰিয়েই বহু শিক্ষাৰ্থীয়ে হতাশাৰ বলি হৈ বাছি লয় জীৱনৰ চূড়ান্ত পথ।

২০২৪ বৰ্ষৰ ৪ টা মাহ অতিক্ৰম নকৰোঁতেই এতিয়ালৈকে ৮ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিলে কোটাত। যোৱা বছৰচ মুঠ ২৯ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল ইয়াত। ২০২২ ত আকৌ শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা আছিল ইয়াত ১৫ গৰাকী।