এতিয়াৰে পৰা নাবালিকাক ধৰ্ষণ কৰিলে মৃত্যুদণ্ড, পথ দুৰ্ঘটনা কৰিলে ১০ বছৰৰ কাৰাদণ্ড...  
ৰাষ্ট্ৰীয়

এতিয়াৰে পৰা নাবালিকাক ধৰ্ষণ কৰিলে মৃত্যুদণ্ড, পথ দুৰ্ঘটনা কৰিলে ১০ বছৰৰ কাৰাদণ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আইনত পৰিণত হ'ল ভাৰতীয় সংসদত গৃহীত হোৱা ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা-২০২৩ বিধেয়কৰ লগতে আন দুই বিধেয়ক ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) -২০২৩ বিধেয়ক। ফলত বিভিন্ন অপৰাধৰ বিৰুদ্ধে পূৰ্বে যিসমূহ শাস্তিৰ বিধান আছিল তাৰ বহুতো সালসলনি হৈছে। বিশেষকৈ ধৰ্ষণ, নাৰীজনিত অপৰাধ, দেশ বিৰোধী কাৰ্যকলাপ, দলবদ্ধ আক্ৰমণ আদিৰ বিৰুদ্ধে কঠোৰ কৰা হৈছে শাস্তিৰ ব্যৱস্থা।

নতুন ফৌজদাৰী আইন অনুসৰি এতিয়াৰে পৰা নাবালিকাক ধৰ্ষণ কৰিলে ধৰ্ষণকাৰীৰ শাস্তি হ'ব মৃত্যুদণ্ড। দেশত বৃদ্ধি পোৱা দলবদ্ধ আক্ৰমণৰ বিৰুদ্ধেও মৃত্যুদণ্ডৰ বিধান দিয়া হৈছে।

যদিহে কোনো লোকক দলবদ্ধভাৱে আক্ৰমণ কৰে আৰু ভুক্তভোগীৰ মৃত্যু হয় তেনে এই অপৰাধৰ সৈতে জড়িতই মৃত্যুদণ্ডৰ শাস্তি মূৰ পাতি ল'ব লাগিব। যদিহে কোনো লোকে পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে তেন্তে সেই ব্যক্তিয়ে ১০ বছৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব।

যদিহে দুৰ্ঘটনা সংঘটিত কৰি আহত কৰা লোকজনক চিকিৎসালয়লৈ লৈ যায় তেন্তে তেনে চালকৰ শাস্তি হ্ৰাস পাব। ঠিক একেদৰে যিকোনো অপৰাধীয়ে ৩০ দিনত দোষ স্বীকাৰ কৰিলেও শাস্তি হ্ৰাস পাব।

কোনো লোকক যদি মূৰত প্ৰহাৰ কৰে তেন্তে সেই অপৰাধৰ শাস্তি হ'ব ১০ বছৰ। এই নতুন ফৌজদাৰী আইনত সন্ত্ৰাসবাদৰ শাস্তিৰ বিষয়েও উল্লেখ কৰা হৈছে। সন্ত্ৰাসবাদৰ সংজ্ঞা ইয়াত নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি কোনো লোকে দেশৰ একতা অখণ্ডতা আৰু সুৰক্ষাক বিপদগ্ৰস্ত কৰিলেই সেয়া হ'ব সন্ত্ৰাসবাদ।

প্ৰচলিত ৰাষ্ট্ৰদ্ৰোহ আইনৰ স্থান ল'ব দেশৰ বিৰুদ্ধে অপৰাধ আইনে। নতুন আইনৰ জৰিয়তে মহিলা, শিশু, মানৱাধিকাৰ, সীমা সুৰক্ষা আৰু সেনাবাহিনীৰ বিৰুদ্ধে কৰা অপৰাধৰ শাস্তি কঠোৰ হ'ব।

এই নতুন আইন অনুসৰি মহিলাই ঘৰৰ পৰাই গোচৰ দিব পাৰিব। অৱশ্যে আৰক্ষী ২৪ ঘণ্টাৰ ভিতৰত গৈ ঘটনাস্থলীত উপস্থিত হ'ব লাগিব। অভিযোগ দাখিলৰ ৩ দিনৰ ভিতৰতে গোচৰ পঞ্জীয়ন হ'ব লাগিব।