ৰাষ্ট্ৰীয়

কৰ্ণাটকত নিয়াৰ হাতত গ্ৰেপ্তাৰ পি এফ আই অস্ত্ৰ প্ৰশিক্ষক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিয়া (ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা)ৰ হাতত গ্ৰেপ্তাৰ পি এফ আইৰ অস্ত্ৰ প্ৰশিক্ষক। পি আই এফৰে জড়িত থকাৰ সন্দেহত বুধবাৰে কৰ্ণাটকত এগৰাকী অস্ত্ৰ প্ৰশিক্ষকক নিয়াই গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, নিয়াই গ্ৰেপ্তাৰ কৰা অপৰাধীগৰাকীৰ নাম নচাম মহম্মদ ইউনুছ। মহম্মদ ইউনুছ নিজামাবাদৰ সন্ত্ৰাসবাদী গোচৰৰ সৈতে সম্পৰ্কিত। অপৰাধীজনে একাংশ মুছলমানক উগ্ৰপন্থীত নিযুক্তি আৰু কূটকৌশল ৰচনা কৰাৰ দৰে অপৰাধজনিত কাণ্ডৰ সৈতে জড়িত বুলি উল্লেখ কৰে।

ইয়াৰোপৰি নিয়াৰ প্ৰাথমিক অনুসন্ধানত তেওঁ বিভিন্ন যুৱকক অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া কাৰ্যকলাপতো জড়িত থকাৰ কথা উল্লেখ কৰে। উল্লেখীয় যে, ধৃত নচাম মহম্মদ ইউনুছে মূলতঃ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা। কিন্তু তেওঁ ভুৱা পৰিচয়ৰে কৰ্ণাটকত বিগত কিছুদিন ধৰি বাস কৰি আহিছে।