ৰাষ্ট্ৰীয়

বাংগালুৰুৰ বিস্ফোৰণ কাণ্ড : নিয়াই ৰাজহুৱা কৰিলে সন্দেহজনক দুজনৰ ফটো

Asomiya Pratidin

ডিজিটেল ডেস্ক : বাংগালুৰুৰ ৰামেশ্বৰম কেফেত সংঘটিত আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৯জনকৈ লোক। এই ঘটনাৰ পাচতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ই ঘটনাস্থলীৰ লগতে অঞ্চলটোৰ আশে-পাশে অভিযান কাৰ্য অৱ্যাহাত ৰাখিছে।

নিয়াৰ এই অভিযান কালত বিস্ফোৰণ কাণ্ডৰে জড়িত থকাৰ সন্দেহত দুজন ব্যক্তিৰ ফটো ৰাজহুৱা কৰিছে। চিচি টিভিৰ দৃশ্যাংশ নিৰীক্ষণ কৰি অভিযানকাৰী সংস্থাটোৰ দুজন ব্যক্তিৰ ওপৰত সন্দেহ ওপজে। অৱশ্যে নিয়াই ৰাজহুৱা কৰা ফটোত দেখা ব্যক্তি দুজন এই ঘটনাৰে সম্পৰ্কিত নহ'বও পাৰে বুলি এক সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে ৰামেশ্বৰম কেফেৰ আশে-পাশে সংযুক্ত হৈ থকা চিচি টিভি ফুটেজত কেফেত বিস্ফোৰণ সংঘটিত হোৱাৰ প্ৰায় এঘণ্টা পাচত সন্দেহজনক ব্যক্তি এজনে এখন বাছত উঠি থকাৰ দৃশ্য বন্দী হৈছিল। ভিডিঅ'টোত থকা টাইমষ্টাম্পত ১ মাৰ্চৰ দুপৰীয়া ২:০৩ বজাত বুলি উল্লেখ আছে। আনহাতে বিস্ফোৰণটো দুপৰীয়া ১২:৫৬ বজাত সংঘটিত হৈছিল।

সন্দেহজনক ব্যক্তিজনে টি-চাৰ্ট, টুপী আৰু মাস্ক পিন্ধি কেফেত আই ই ডি থকা এটা মোনা এৰি যোৱা দেখা গৈছিল। একেদিনাই নিশা প্ৰায় ৯-০০ বজাত আন এটা ফুটেজত, আন এজন সন্দেহজনক ব্যক্তিয়ে বাছ আস্থানৰ ভিতৰত ঘূৰি ফুৰা দেখা গৈছিল।

উক্ত ঘটনাৱলীৰ পৰা নিয়াই দুজন ব্যক্তিৰ ফটো ৰাজহুৱা কৰাৰ সিদ্ধান্ত লয়। ৰাজহুৱা কৰা ফটোত থকা ব্যক্তি দুজনক যদি কোনো লোকে প্ৰত্যক্ষ কৰে নাইবা কোনো তথ্য লাভ কৰে তেন্তে নিয়াক জনাবলৈ আহ্বান জনাইছে। ইয়াৰোপৰি তথ্য অথবা সম্ভেদ দিওতাক সংস্থাই ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ আগবঢ়াব বুলি উল্লেখ কৰে।