চলন্ত ৰে'লৰ এলাৰ্ম চেইন টানিলে, শিলগুটি নিক্ষেপ কৰিলে ৰক্ষা নাই... 
ৰাষ্ট্ৰীয়

চলন্ত ৰে'লৰ এলাৰ্ম চেইন টানিলে, শিলগুটি নিক্ষেপ কৰিলে ৰক্ষা নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জধে-মধে ৰে'লৰ এলাৰ্ম চেইন টনাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে'লৱেই চলিত বছৰৰ ২৪ জুনলৈ ৬৩৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰে'লৱেই প্ৰকাশ কৰা মতে চলিত বছৰত বৰ্তমানলৈকে জধে-মধে ৰে'লৰ এলাৰ্ম চেইন টনাৰ ঘটনা সংঘটিত হৈছে ৬৬১ টা।

আনহাতে বিগত বছৰত এই সংখ্যা আছিল ১৪৬৪ টা। এই অপৰাধৰ বাবে এই পৰ্যন্ত মুঠ ৬৩৯জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি এই লোকসকলৰ পৰা ১.৫২ লাখৰো অধিক জৰিমনা সংগ্ৰহ কৰা হৈছে।

উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মতে ৰে'ল সময়তকৈ পলম হোৱা বা নিৰ্ধাৰিত সময়ৰ ভিতৰত গন্তব্যস্থানত উপনীত নোহোৱাৰ এটা মূল কাৰণ হৈছে জধে-মধে ৰে'লৰ এলাৰ্ম চেইন টনা। সেয়েহে ৰে'লৱেই এতিয়াৰে পৰা ৰে'লৰ এলাৰ্ম চেইন টনা শিলগুটি নিক্ষেপ কৰাৰ বিষয়ত কঠোৰ নীতি গ্ৰহণ কৰি এই সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ সমান্তৰালকৈ এনে কাৰ্যত লিপ্ত হোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

ৰে'লপথ আৰু ৰে'ল ষ্টেছনৰ কাষৰীয়া অঞ্চল, গাঁও, স্কুল আৰু ৰে'ল ষ্টেশ্যনৰ যাত্ৰী সামৰি সজাগতা অভিযান চলাইছে। উল্লেখ্য যে, ভাৰতীয় ৰে'লৱেৰ আন এক সমস্যা হৈ পৰিছে চলন্ত ৰে'ললৈ শিলগুটি নিক্ষেপ।

২০২২ ত এনে ঘটনা সংঘটিত হৈছে ৩৮ টা। চলিত বছৰৰ ২৪ জুনলৈ এনে ঘটনা সংঘটিত হৈছে ৩৭ টা। চলিত বৰ্ষত এনে কাৰ্যত লিপ্ত ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। যিসমূহ স্থানত এনে ঘটনা সংঘটিত হৈছে সেই অঞ্চলত ৰে'ল সুৰক্ষা বাহিনী নিয়োগ কৰিছে।