ৰাষ্ট্ৰীয়

স্বামী-স্ত্ৰীৰ যৌন সম্পৰ্কৰ প্ৰস্তাৱ প্ৰত্য়াখ্যান কৰাটো মানসিক নিৰ্যাতনঃ উচ্চ ন্যায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যদি পত্নীয়ে কোনো ধৰণৰ পৰ্যাপ্ত কাৰণ অবিহনে তেওঁৰ সংগীৰ লগত কেইবাদিন ধৰি যৌন সম্পৰ্কৰ স্থাপনৰ বাবে অস্বীকাৰ কৰে তেন্তে সেয়া মানসিক নিৰ্যাতন- এই মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। এহাল দম্পত্তীৰ বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে ন্যায়ালয়ে।

আৱেদনকাৰী ৰবীন্দ্ৰ প্ৰতাপ যাদৱৰ মতে তেওঁৰ পত্নী আশা দেৱীৰ বৈবাহিক বন্ধনৰ প্ৰতি কোনো সন্মান নাছিল আৰু বৈবাহিক দায়বদ্ধতাৰ পালন কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে বিয়া সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ উপক্ৰম হৈছে।

যাদৱে বাৰনাসীৰ ফেমেলী কোৰ্টৰ ২০০৫ চনৰ আদেশক প্ৰত্য়াহ্বান জনাই আবেদন কৰিছিল। উচ্চ ন্য়ায়ালয়ে কয় যে, নিম্ন আদালতে অতি-কাৰিকৰী দৃষ্টিভংগী গ্ৰহণ কৰিছিল যাদৱৰ আৱেদন খাৰিজ কৰাৰ বাবে।

ৰবীন্দ্ৰ যাদৱে বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনাই কৈছিল যে পত্নীয়ে বৈবাহিক বান্ধোনৰ প্ৰতি দায়বদ্ধ নাছিল। তেওঁ লগতে মানসিক নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি কৈছিল যে পত্নীয়ে তেওঁলোকৰ বৈবাহিক জীৱনৰ বহু কথা পালন কৰিবলৈ অস্বীকাৰ কৰিছিল।

যাদৱৰ মতে তেওঁলোকে ১৯৭৯ চনত বিবাহ পাশত অৱদ্ধ হৈছিল। কিন্তু বিয়াৰ কিছুদিন পাছতে পত্নীৰ আচৰণ সলনি হৈছিল। যাদৱৰ পত্নী ঘৰলৈ ঘূচি গৈছিল। ৬ মাহ মান পাছত যদিও তেওঁক ঘৰলৈ আহিবৰ বাবে কোৱা হৈছিল, সন্মত হোৱা নাছিল।

যাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে। ন্যায়াধীশ সুনীত কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰৰ চতুৰ্থৰ বিচাৰপীঠে কয় যে, দীৰ্ঘদিন ধৰি পত্নীয়ে কোনো কাৰণ অৱিহনে স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰাতো মানসিক নিৰ্যাতনৰ সমান।