৮০০ ঔষধৰ মূল্য বৃদ্ধিৰ বিপৰীতে ৪১ বিধ ঔষধৰ মূল্য হ্ৰাসেৰে জনতালৈ সকাহ... 
ৰাষ্ট্ৰীয়

৮০০ ঔষধৰ মূল্য বৃদ্ধিৰ বিপৰীতে ৪১ বিধ ঔষধৰ মূল্য হ্ৰাসেৰে জনতালৈ সকাহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ অৱস্থাত দেশবাসীয়ে লাভ কৰিলে কিছু সকাহ। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেশৰ জনতাৰ বাবে জীৱনদায়িনী ঔষধো বিলাসী সামগ্ৰীলৈ পৰিণত হোৱাৰ সময়তে মুঠ ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিব বুলি জানিব পৰা গৈছে। এই ৪১ বিধ ঔষধ মধুমেহ, হৃদৰোগৰ লগতে যকৃত ৰোগ নিৰাময়ত ব্যৱহৃত।

জানিব পৰা মতে ঔষধ বিভাগ আৰু ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষ (Department of Pharmaceuticals and National Pharmaceutical Pricing Authority) চমুকৈ এন পি পি এয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি ৪১ বিধ ঔষধ আৰু ৬ টা ফৰ্মুলেচনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।মূল্য হ্ৰাস পাবলগীয়া এই ঔষধৰ তালিকাত আছে বহুল ভাবে ব্যৱহৃত এণ্টাচিড, মাল্টিভিটামিন, এন্টিবায়টিক আদি অন্যতম।

এই সন্দৰ্ভত শীঘ্ৰেই ফাৰ্মা কোম্পানীসমূহক ডিলাৰ আৰু ষ্টকিষ্টলৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, বিশ্বৰ ভিতৰতে সৰ্বাধিক মধুমেহ ৰোগী আছে ভাৰতত। সেইদৰে হৃদৰোগীৰ লগতে যকৃতজনিত ৰোগীৰ সংখ্যাও ভাৰতত যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে এই তিনিবিধ ৰোগ উপশমৰ বাবে ব্যৱহৃত এই ঔষধৰ মূল্য হ্ৰাসকৰণৰ নিৰ্দেশে স্বাভাৱিকতে ৰোগী আৰু ৰোগীৰ পৰিয়ালক কিছু সকাহ প্ৰদান কৰিব।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে দেশত অতি কম দিনৰ ভিতৰতে একাধিকবাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি পাইছিল। ঔষধৰ এনে মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি প্ৰতিক্ৰিয়া হোৱাৰ সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো হৈছিল। তাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ইলেক্ট্ৰৰেল বণ্ড কেলেংকাৰীৰ সমগ্ৰ তথ্য প্ৰকাশ পোৱাত ঔষধৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ আঁৰৰ কাৰণ স্পষ্ট হৈছিল।

বহু কেইটা ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ পৰা ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে ধন আদায় লৈছিল শাসকীয় বিজেপি দলে। ইয়াৰে কেইবাটাও কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ বিৰুদ্ধেও আছিল বহু অভিযোগ। বহু কেইটা ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ ঔষধক নিষিদ্ধও কৰা হৈছিল।

তেনে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ লগতে অন্যান্য ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ পৰা শ শ কোটি টকাৰ চান্দা লোৱাৰ বাবেই দেশত ঔষধ এক বিলাসী সামগ্ৰীলৈ পৰিণত হৈছিল। যোৱা ১ এপ্ৰিলত একেলগে দেশত মুঠ ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি হৈছিল।

এইসমূহৰ ভিতৰত আছিল এণ্টিবায়’টিক,পেইনকিলাৰ, এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাল, ইনফেকচনেল আদিৰ ঔষধ। ইয়াৰ পূৰ্বেও বহু কেইবিধ ঔষধৰ মূল্য আনুষ্ঠানিকভাৱেই ১০ ৰ পৰা ১২ শতাংশ বৃদ্ধি হৈছিল। ইয়াৰে আকৌ নিৰ্বাচিত বহু ঔষধৰ মূল্য মাত্ৰ দুটা বছৰতে ১০০ শতাংশৰো অধিক বৃদ্ধি হৈছিল।

পূৰ্বৰ তুলনাত পেৰাচিটামলৰ মূল্যই বৃদ্ধি পাইছে ১৩০ শতাংশ পৰ্যন্ত। ইয়াৰ বিপৰীতে এতিয়া মাত্ৰ ৪১ বিধ ঔষধৰহে মূল্য হ্ৰাসৰ সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে এই এয়াও জনসাধাৰণৰ বাবে এক বৃহৎ সকাহ।