ৰাষ্ট্ৰীয়

NRC ত কেলেংকাৰীঃ ইডিৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ হিতেশ দেৱ শৰ্মাৰ...

প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা নাই এজাহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰাক্তন সমন্বয়ক তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হিতেশ দেৱ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ৪ পৃষ্ঠাৰ এক দীঘলীয়া পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰোপৰি তেওঁ নাগৰিকপঞ্জী উন্নীতকৰণত সৃষ্টি হোৱা বিসংগতি, ধনৰ অবৈধ লেনদেনৰ বিষয়টোৰ সন্দৰ্ভত ইডিক তদন্তৰ দায়িত্ব অৰ্পণ কৰিবলৈয়ো দাবী জনাইছে।

এন আৰ চিক লৈ প্ৰায়ে আপত্তি দৰ্শাই আহিছে হিতেশ দেৱ শৰ্মাই

প্ৰাক্তন আই এ এছ বিষয়া হিতেশ দেৱ শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাৰ্যবাহী সঞ্চালক হিচাপে দায়িত্ব লোৱাৰে পৰা নাগৰিকপঞ্জীখনক লৈ বিভিন্ন আপত্তি দৰ্শাই আহিছে। পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত ব্যাপক কেলেংকাৰীৰো আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে এইগৰাকী প্ৰাক্তন বিষয়াই।

দীৰ্ঘদিনে সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ জৰিয়তে এনে অভিযোগ উত্থাপন কৰি অহা দেৱ শৰ্মাই এই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে। কিন্তু তাৰ পাছতো কোনো সহাৰি লাভ নকৰাত এইবাৰ এই বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৪ পৃষ্ঠাৰ এক পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ কিদৰে বাংলাদেশৰ অবৈধ প্ৰবজনৰ ফলত দ্বাৰা অসম ক্ষতিগ্ৰস্ত হৈছে সেই বিষয়ে উল্লেখ কৰিছে।

১৬ মে'ত ঘূৰি নগ'ল বাংলাদেশী

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা নৰেন্দ্ৰ মোডীক শুভেচ্ছা জনাই অসম কিদৰে বিদেশীৰ দ্বাৰা প্ৰভাৱিত হৈছে সেই কথা উল্লেখ কৰিছে। তেওঁ লিখিছে, ''আপুনি জানে যে অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ সমস্যাত অসম অতি বেয়াকৈ প্ৰভাৱিত হৈছে। বিশেষকৈ যোৱা কেইবা দশক ধৰি বাংলাদেশৰ পৰা হোৱা প্ৰবজনৰ সমস্যাক এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে সঠিকভাৱে সমাধান কৰিব পৰা নাই। ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আপুনি আশাৰ কিৰণ দেখুৱাইছিল। আপুনি আশ্বাস দিছিল ১৬ মে'ৰ পিছত বাংলাদেশীসকলে নিজৰ ঠাইলৈ ঘূৰি যাব লাগিব'। কিন্তু আপোনাৰ গৃহ মন্ত্ৰালয়ে এতিয়াও বাংলাদেশীসকলক চিনাক্ত আৰু বিতাড়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া বাংলাদেশী মুছলমানসকল অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে।''

প্ৰতীক হাজেলাই বিঘ্নিত কৰিলে এন আৰ চি উন্নীতকৰণৰ উদ্দেশ্যক

পত্ৰখনত হিতেশ দেৱ শৰ্মাই পূৰ্তৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ কথা উল্লেখ কৰিছে। তেওঁ লিখিছে ''উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এন আৰ চিৰ উন্নীতকৰণৰ জৰিয়তে ২০১৪ চনৰ আৰম্ভণিতে অসমৰ অবৈধ বিদেশীচিনাক্তকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা আৰম্ভ হৈছিল। এন আৰ চি, অসমৰ ৰাজ্যিক সমন্বয়ক হিচাপে আইএএছ প্ৰতীক হাজেলাক এই উন্নীতকৰণ প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হৈছিল।মই ২০১৭ লৈকে কাৰ্যবাহী সঞ্চালক হিচাপে এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত আছিলোঁ। আৰম্ভণিতে, বিদেশী চিনাক্ত কৰিবলৈ এক অতি শক্তিশালী প্ৰমাণীকৰণ প্ৰক্ৰিয়া উন্নীত কৰা হৈছিল। যদি প্ৰমাণীকৰণৰ এই প্ৰক্ৰিয়াটো নিষ্ঠাৰে সম্পন্ন কৰা হ'লহেঁতেন, আমি এক আদৰ্শ এন আৰ চি লাভ কৰিলোঁ হয়। কিন্তু ২০১৬ চনৰ আৰম্ভণিতে, হাজেলাই তেওঁৰ ক্ষমতা প্ৰয়োগ কৰি এন আৰ চি উন্নীতকৰণৰ উদ্দেশ্যক বিঘ্নিত কৰিবলৈ আৰম্ভ কৰে। মতামতৰ পাৰ্থক্যৰ বাবে, মই ফেব্ৰুৱাৰী, ২০১৭ত এই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি আহিছিলোঁ। কিন্তু পৰিপূৰক তালিকাখন প্ৰকাশৰ পিছতে হাজেলাক তেওঁৰ গৃহ ৰাজ্যলৈ (মধ্য প্ৰদেশ) ডেপুটেশ্যনত প্ৰেৰণ কৰা হয়।

এন আৰ চিৰ সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰি কি দেখিছিল হিতেশ দেৱ শৰ্মাই?

প্ৰতীক হাজেলাই অসম এৰাৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব লৈছিল হিতেশ দেৱ শৰ্মাই। ইয়াৰ পাছতে তেওঁ এন আৰ চিত দেখা পাইছিল বহু বিসংগতি। এই সন্দৰ্ভত তেওঁ লিখিছে এই দৰে- প্ৰতীক হাজেলা ডেপুটেশ্যনত যোৱাৰ পিছত পিছত এন আৰ চি সন্দৰ্ভত পৰ্যাপ্ত জ্ঞান থকা আন কোনো বিষয়া নথকাত, অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোক এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব দিয়ে।সেই অনুসৰি মই ডিচেম্বৰ, ২০১৯ ত এই দায়িত্ব গ্ৰহণ কৰোঁ।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত, মই অনুভৱ কৰোঁ হাজেলাৰ কাৰ্যকালত কি কি সংঘটিত হৈছিল। কিছু আভ্যন্তৰীণ প্ৰমাণীকৰণ আৰু বিশ্লেষণৰ পিছত মই আচৰিত হৈ পৰোঁ। কিয়নো এন আৰ চি উত্থান প্ৰক্ৰিয়াত বহু ত্ৰুটি আছে। যি আমাৰ দেশৰ নিৰাপত্তাক বিপদত পেলাব পাৰে।

কিয়নো বহু অনুপ্ৰৱেশকাৰীক মূল বাসিন্দা হিচাপে দেখুওৱা হৈছিল। এই কথা উল্লেখ কৰি তেওঁ চাৰিটা তথ্যও দাঙি ধৰিছে।

কি কি বিসংগতি আছিল এন আৰ চিত?

হিতেশ দেৱ শৰ্মাই পত্ৰখনত তেওঁ দেখা পোৱা বিসংগতি সমূহৰ বিষয়ে উল্লেখ কৰিছে। এই ক্ষেত্ৰত তেওঁ চাৰিটা উদাহৰণ দাঙি ধৰিছে। এন আৰ চিত কিদৰে বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ধনৰ লেনদেন হৈছে সেই সন্দৰ্ভতো আছে তথ্য।

পত্ৰখনত ১ নম্বৰতে তেওঁ লিখিছে কামৰূপ জিলাৰ কেৱল চামৰিয়া ৰাজহ চক্ৰতে ৬৪,২৪৭ জন ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে ইয়াত প্ৰায় ৫০০ জন ব্যক্তিৰ নামহে মূল বাসিন্দা শ্ৰেণীৰ আছিল। প্ৰমাণীকৰণ কৰা হ'লে একে ধৰণৰ ত্ৰুটি চিনাক্ত কৰিব পাৰিলেহেঁতেন।

দ্বিতীয়তে লিখিছে এন আৰ চিত ১৩,১৮,৬৩৯ টা নাম অন্তৰ্ভুক্ত কৰা হৈছিল য'ত জাৰীকৰ্তা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি এই ব্যক্তিসকলৰ নথিপত্ৰ বৈধ নাছিল। উচ্চতম ন্যায়ালয়ৰ অজ্ঞাত/সন্মতি অবিহনে ডি এম আই টি নামৰ এক বিশেষ প্ৰমাণীকৰণৰ জৰিয়তে এই কাম কৰা হৈছিল। বৈধ নথি পত্ৰ অবিহনে ব্যক্তিসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এই দৰে প্ৰমাণীকৰণ কিয় কৰা হৈছিল সেই বিষয়টোৱেই ইয়াৰ অন্তৰালত নিহিত হৈ থকা উদ্দেশ্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

তৃতীয়তে তেওঁ লিখিছে, এন আৰ চি উন্নীতকৰণৰ বাবে বংশবৃক্ষ বা Family Tree মিলাটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰমাণীকৰণ প্ৰক্ৰিয়া আছিল। এক ত্ৰুটিমুক্ত এন আৰ চি উন্নীতকৰণৰ বাবে এই প্ৰক্ৰিয়া শক্তিশালী প্ৰণালী হ'ব পাৰিলে হয় যদিহে ইয়াক নিষ্ঠাৰে কাৰ্যকৰী কৰা হ'লহেঁতেন। কিন্তু মই ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব লোৱাৰ পিছত পৰীক্ষা কৰি দেখোঁ যে, ফেমিলি ট্ৰিৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক ত্ৰুটি আছিল।

২৩৪৬ টা ডাটা পৰীক্ষা কৰি দেখোঁ ৯৪৩ টা বংশবৃক্ষই অমিল আছিল। সন্দেহ হয় কিছু ডাটা এণ্ট্ৰি অপাৰেটৰে ইচ্ছাকৃতভাৱে সন্দেহযুক্ত বিদেশীৰ বৃহৎ অমিল তথ্য সন্নীৱিষ্ট কৰিছিল। আশ্চৰ্যজনকভাৱে এন আৰ চিৰ সমন্বয়ক হাজেলাই এই বংশবৃক্ষ প্ৰমাণীকৰণ প্ৰক্ৰিয়া কোনো উচ্চ পদস্থ বিষয়াৰ দ্বাৰা পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰা নাছিল। হাজেলাই ছফ্টৱেৰ ব্যৱহাৰৰ জৰিয়তে এই অপৰাধ সংঘটিত কৰাসকলক সহায়হে কৰিছিল।

চতুৰ্থতে তেওঁ লিখিছে নমুনা পৰীক্ষা কৰাৰ সময়ত মই দেখিছিলো এন আৰ চিত বৃহৎ সংখ্যক প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। মই পৰীক্ষা কৰি দেখিছিলোঁ এন আৰ চিত ৫০ হাজাৰ ভাৰতীয় নাগৰিকৰ নাম সন্ধানহীন হৈছিল।

২০১৯ৰ ২৪ ডিচেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে যোগদান কৰি মাত্ৰ ২ মাহতে এই পৰীক্ষা সম্পন্ন কৰাৰ কথাও দেৱ শৰ্মাই পত্ৰখনত উল্লেখ কৰিছে। এই বিসংগতিসমূহ প্ৰত্যক্ষ কৰি তেওঁ অসম চৰকাৰৰ লগতে ভাৰতীয় পঞ্জীয়ক (আৰ জি আই)কো অৱগত কৰি নাগৰিক পঞ্জীখন পুনৰ প্ৰমাণীকৰণৰ বাবে আৰ্জি কৰিছিল। কিন্তু আৰ জি আইয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াকৈ পুনৰ প্ৰমাণীকৰণ নকৰাকৈয়ে এন আৰ চি প্ৰকাশৰ বাবে সাজু হ'বলৈহে কয়।

একেদৰেই কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে ২০২০ ৰ ২২ ফেব্ৰুৱাৰীত বহা বৈঠকত এন আৰ চিত দেখা দিয়া বিসংগতিসমূহ ব্যাখ্যা কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁৰ এই ব্যাখ্যা শুনিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে বুলিও উল্লেখ কৰিছে।

কেগৰ প্ৰতিবেদনত আছে এন আৰ চিৰ কেলেংকাৰীৰ তথ্য

হিতেশ দেৱ শৰ্মাই পত্ৰখনত পুনৰ লিখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বৰ্তমানৰ অসম এন আৰ চি ত্ৰুটিপূৰ্ণ বুলি বিশ্বাস কৰিবলৈ প্ৰায় দুবছৰ সময় লাগিল। কিন্তু এতিয়ালৈকে, চৰকাৰে এন আৰ চি পুনৰ পৰীক্ষা কৰাৰ বাবে কোনো ব্যৱহাৰিক পদক্ষেপেই লোৱা নাই।

ভাৰতৰ কম্পট্ৰ'লাৰ এণ্ড অডিটৰ জেনেৰেল (CAG)ৰ প্ৰতিবেদন অনুসৰি, ৩১ মাৰ্চ, ২০২০ লৈকে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত ২৬০ কোটি টকাৰ অধিক বিত্তীয় অনিয়ম হৈছিল। ইয়াৰ ভিতৰত ডাটা এণ্ট্ৰি অপাৰেটৰৰ পাৰিশ্ৰমিকৰ পৰা ১৫৫.৮৩ কোটি টকা আত্মসাৎ কৰা হৈছিল।

এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমাণৰ ধন ৰপ্তানি হোৱোৰো সন্দেহ কৰিছে দেৱ শৰ্মাই। কেগে হাজেলাৰ ওপৰতো এই বিসংগতিবোৰৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল। প্ৰক্ৰিয়া অনুসৰি, প্ৰতীক হাজেলাই সকলো অভিযোগৰ উত্তৰ দিবলৈ ৰাজহুৱা একাউণ্ট সমিতিৰ সন্মুখীন হ'ব লগা হৈছিল।

কিন্তু ৰাজ্য চৰকাৰে তেওঁক স্বেচ্ছামূলক অৱসৰ ল'বলৈহে অনুমতি দিয়ে। ইয়াৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰে যে, ৰাজ্য চৰকাৰে তেওঁক সকলো অভিযোগ পৰা ৰক্ষাহে কৰে।

এতিয়ালৈকে পঞ্জীয়ন হোৱা নাই এজাহাৰ

এন আৰ চিত সংঘটিত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত হিতেশ দেৱ শৰ্মা কাষ চাপিছিল অসম আৰক্ষীৰ। কিন্তু এই পৰ্যন্ত অসম আৰক্ষীয়ে লোৱা নাই কোনো কাৰ্যকৰী ব্যৱস্থা। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনতো উল্লেখ কৰিছে। তেওঁ লিখিছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰাৰ লগতে ব্যক্তিগত পক্ষৰ পৰা আন তিনিখন এজাহাৰ দাখিল কৰা হৈছিল।

কিন্তু আশ্চৰ্যজনকভাৱে, আজিলৈকে অসম আৰক্ষীয়ে কোনো এখন এজাহাৰেই পঞ্জীয়ন কৰা নাই। গতিকে এই বিষয়বোৰেই অসমৰ বৰ্তমানৰ এন আৰ চি যথেষ্ট ত্ৰুটিপূৰ্ণ আৰু ইয়াত সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ প্ৰমাণ দিয়ে।

বিচাৰিলে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ, ইডিৰ তদন্ত

এন আৰ চিত দেখা দিয়া এনে বিসংগতিসমূহে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে অসমৰ খিলঞ্জীয়া লোকসকললৈ বিপদ মাতি আনিছে বুলি পত্ৰখনত উল্লেখ কৰিছে হিতেশ দেৱ শৰ্মাই। তেওঁ পত্ৰখনত লিখিছে এন আৰ চিৰ চূড়ান্ত প্ৰকাশৰ পূৰ্বে ইয়াক পুনৰ-প্ৰমাণীকৰণৰ প্ৰয়োজন। ইয়াৰোপৰি এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে কোনো বিদেশী শক্তিয়ে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰো সন্দেহ আছে।

সেয়ে তেওঁ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি মুঠ তিনিটা বিষয়ত তদন্তৰ দাবী কৰিছে।

  1. এতিয়ালৈকে প্ৰকাশিত এন আৰ চিৰ পুনৰ প্ৰমাণীকৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ।

  2. এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া আৰু সম্ভাৱ্য ধনৰ লেনদেন তথা বিত্তীয় অনিয়মৰ সন্দৰ্ভত তদন্ত কৰিবলৈ কৰিবলৈ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)ক দায়িত্ব প্ৰদান।

  3. অসমত এন আৰ চিত বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ পথ প্ৰশস্ত কৰাৰ প্ৰক্ৰিয়াটোত কোনো বিদেশী ধন জড়িত আছে নেকি সেই সন্দৰ্ভতো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত কৰাৰ প্ৰয়োজন।